নকল সোণৰ সৰবৰাহত লিপ্ত ৫ জনক গ্ৰেপ্তাৰ... 
মুখ্য-পৃষ্ঠা

নকল সোণৰ সৰবৰাহত লিপ্ত ৫ জনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীত জব্দ নকল সোণ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নকল সোণসহ মুঠ ৫ জন লোকক।

উল্লেখ্য যে দিনক দিনে মহানগৰীত বৃদ্ধি পাইছে অপৰাধ। হত্যা, হিংসা, চুৰি, ডকাইতি নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হোৱা গুৱাহাটীত সমান্তৰালকৈ বৃদ্ধি পাইছে ঠগ, প্ৰৱঞ্চকৰ সংখ্যাও।

তাৰ মাজতে বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৫ জন প্ৰৱঞ্চকক। বশিষ্ঠ চাৰিআলিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ৫ প্ৰৱঞ্চকক।

৫ প্ৰৱঞ্চকেই নকল সোণৰ বেহাৰ লগত জড়িত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ৫ প্ৰৱঞ্চকৰ ভিতৰত আছে দুজন ঝাৰখণ্ডৰ, দুজন লখিমপুৰৰ আৰু আজন বৰপেটাৰ।

ইয়াৰ ভিতৰত ঝাৰখণ্ডৰ সন্তোষ জাউৰি, মুকেশ কুমাৰ বাৰ্মাই ক্রয় কৰিব আহিছিল সোণখিনি। সোণখিনি বিক্রীৰ বাবে আহিছিল হাছেন আলী, ছাইদুল ইছলাম, চিৰাজুল আলী। তেওঁলোকৰ হাতৰ পৰা আৰক্ষীয়ে ৪ টুকুৰা নকল সোণো উদ্ধাৰ কৰিছে।