আজিৰে পৰা বোকাখাতত সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা ২০২২...
আজিৰে পৰা বোকাখাতত সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা ২০২২... 
মুখ্য-পৃষ্ঠা

আজিৰে পৰা বোকাখাতত সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা ২০২২...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতত আজিৰে পৰা আৰম্ভ হৈছে ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা-২০২২। ৰাজ্যৰ ৩৩ খন জিলাৰ মুঠ ১৩০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত।

সৰ্বমুঠ ২৫ টা ইভেণ্টত অনুষ্ঠিত হ'ব খেল। পুৰুষৰ ৭৯৯ আৰু মহিলাৰ ৬০৬ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব মাষ্টাৰ্ছ এথলেটিকছত।

ৰাজ্যৰ মাষ্টাৰ্ছ এথলেটিকছৰ অধীনৰ ৩৩ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, অৰ্জুন নয়ণমনি শইকীয়া, ঢোলৰ ওজা সোমনাথ বৰা উপস্থিত আছে।

প্ৰতিযোগিতাৰ আৰম্ভণিতে অৰ্জুন নয়ণমনি শইকীয়াই অলিম্পিক শিখা প্ৰজ্বলন কৰাৰ বিপৰীতে অৰ্জুন ভোগেশ্বৰ বৰুৱাই মাষ্টাৰ্ছ এথলেটিকছৰ পতাকা উত্তোলন কৰে।