মায়ঙৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন
মায়ঙৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন 
মুখ্য-পৃষ্ঠা

মায়ঙৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেলডেস্ক মায়ংঃ অসম জাতীয় বিদ্যালয়ৰ অধীনস্থ মৰিগাঁও জিলাৰ মায়ঙৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ত চতুৰ্দশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ ৰেক্টৰ হৰেণ শইকীয়াই।

তাৰ পিছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত আৰম্ভ হয় বিভিন্ন গীত নিত্যৰ অনুষ্ঠানৰ লগতে বঁটা প্ৰদান কাৰ্যসূচী। বিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক বাৰ্ষিক বৃত্তি আৰু বঁটা বিতৰণ অনুষ্ঠানত আনন্দ ৰাম বৰুৱা বঁটা আৰু কৃষ্ণ কান্ত সন্দিকৈ বঁটা প্ৰদান কৰা হয়।

বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাত সফল হোৱা ছাত্ৰ-ছাত্ৰী সকলকো পুৰস্কাৰ দিয়া হয় আজিৰ অনুষ্ঠানতে। বিদ্যালয়ৰ অধ্যক্ষা কৰবি বৰাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়াই লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা আৰু সাংবাদিক নজৰুল ইছলামে।

উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ভৰত বিষয়া , মধ্য মায়ং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মায়াৰাম শইকীয়াকে ধৰি ভালে কেইজন অতিথি।বিদ্যালয়ৰ সচিব উমেশ শইকীয়াৰ পৰিকল্পনা আৰু পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নিত্য প্ৰদৰ্শন কৰাৰ লগতে এখন নাটকত অভিনয়ো কৰে।

বিভিন্ন গীত নিত্যৰে মুখৰিত অনুষ্ঠানটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হাতে লিখা ছয় খনকৈ আলোচনীও উন্মোচন কৰা হয়।