মুখ্য-পৃষ্ঠা

কিহৰ কাৰণে স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীক কৰিলে ১২ টুকুৰা...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ ফলত সাধাৰণ জনতাই শংকাত ভুগিব লগীয়া হৈছে। ইয়াৰ মাজতে ঝাৰখণ্ডৰ পৰা এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।

দেওবাৰে ঝাৰখণ্ডৰ চাহেবগঞ্জত এগৰাকী ২২ বছৰীয়া জনজাতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ১২ টুকুৰা কৰি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো। শনিবাৰেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে ভুক্তভোগীৰ অভিযুক্ত স্বামীক হিচাপে আটক কৰিছে। অভিযুক্তজনৰ নাম দিলদাৰ আনছাৰী ।

আৰক্ষীয়ে জনাই যে মৃতদেহটোৰ কেইটামান টুকুৰা এতিয়াও বিচাৰি পোৱা নাই। হত্যাৰ বলি যোৱা মহিলা গৰাকী অভিযুক্তৰ দ্বিতীয় পত্নী আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। হত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: যাদুকৰৰ অন্তিম যাদুৰ অপেক্ষাত বিশ্ব...