বৃহৎ তেলচুৰি চক্ৰ উৎখাত : ১০ জনক গ্ৰেপ্তাৰ
বৃহৎ তেলচুৰি চক্ৰ উৎখাত : ১০ জনক গ্ৰেপ্তাৰ 
মুখ্য-পৃষ্ঠা

বৃহৎ তেলচুৰি চক্ৰ উৎখাত : ১০ জনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰক্ষীৰ সফলতা ৷ খাৰুৱা তেল চুৰি চক্ৰৰ বৃহৎ দলক গ্ৰেপ্তাৰ ৷

নগাঁৱৰ উৰিয়াগাঁৱৰ তেলচুৰিৰ ঘটনাৰ সৈতে জড়িত দহজনক লোকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীৰ অভিযানকাৰী দলে মেঘালয়, বৰপেটা, হোজাই, গুৱাহাটী আৰু নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এই লোকসকলক।

আটকাধীন লোক কেইজন হৈছে নগাঁৱৰ ভোটাইগাঁৱৰ প্ৰাণজিৎ বৰা, সাগৰ বৰা, উৰিয়াগাঁৱৰ তপন বণিয়া, গোলাঘাটৰ বিটু সিংহা, ইমদাদ আলি, পাৰুল হুছেইন, কলিয়াবৰৰ আছিৰ উদ্দিন হক, মৰিগাঁৱৰ গোপাল দে', গুৱাহাটীৰ নাৰায়ণ সৰকাৰ আৰু হাউলীৰ সুকুৰ আলি ।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অসমৰ বিভিন্ন স্থানত চলিছিল নগাঁও আৰক্ষীৰ এই অভিযান । এই অভিযানৰ সময়ত নগাঁও আৰক্ষীয়ে তেল চুৰিত ব্যৱহৃত এ এল ০২ ৩২৯৩ আৰু এ এছ ০১ এল চি ৩০২৪ নম্বৰৰ দুখন তেলৰ টেংকাৰো জব্দ কৰিবলৈ সক্ষম হয় ।

ইফালে,এই চক্ৰটোৰ পৰা আৰক্ষীয়ে এ এছ ০১ বি এফ ৬৪৬৬ নম্বৰৰ এখন বিলাসী ভাৰনা বাহনো জব্দ কৰে ।