স্বাস্থ্য

Woman Health: অৱহেলা নকৰিব, সময় থাকোতেই সচেতন হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: মহিলাসকল তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে অতি অসাৱধান। তেওঁলোকে শৰীৰত দেখা দিয়া সৰু সৰু সমস্যাবোৰ একেবাৰে উপেক্ষা কৰে। যি ভৱিষ্যতে এক অতি গুৰুতৰ ৰোগৰ ৰূপ লোৱাৰ সম্ভাৱনা থাকে। বিশেষজ্ঞসকলৰ মতে, যেতিয়াই মহিলাসকলে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰে, ই নিশ্চিতভাৱে ৰোগৰ এক ইংগিত দিয়ে।কিন্তু প্ৰায়ে মহিলাসকলে ব্যস্ততাৰ বাবে ইয়াক ভাগৰ হিচাপে ভাৱি লৈ অৱহেলা কৰে।এনে পৰিস্থিতিত শৰীৰৰ এই পৰিৱৰ্তনবোৰক আওকান নকৰি সময়মতে চিকিৎসা কৰোটো অতি জৰুৰী।আপোনাৰ শৰীৰত তলত উল্লেখ কৰা সমস্যা সমূহ যদি দেখা দিয়ে, একেবাৰে উপেক্ষা নকৰিব-

নখ দুৰ্বল হোৱা

যদি আপোনাৰ নখ সোনকালে ভাঙিবলৈ আৰম্ভ কৰিছে, তেন্তে বুজিব যে আপোনাৰ শৰীৰৰ কেলচিয়াম, ভিটামিন ডি বা জিংকৰ অভাৱ হৈছে।

সঘনাই প্ৰস্ৰাৱ লগা

যদি আপুনি দিনত কেইবাবাৰো প্ৰস্ৰাৱ কৰিবলৈ যায়। ই আপোনাৰ মূত্ৰনলীৰ সংক্ৰমণৰ এক কাৰণ হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ প্ৰস্ৰাৱ সোনকালে পৰীক্ষা কৰিব লাগিব।

বৰ ভাগৰুৱা হোৱা

যদি আপুনি বহু দিনধৰি অতি ভাগৰুৱা অনুভৱ কৰি আছে, তেনেহ'লে আপুনি শীঘ্ৰে সম্পূৰ্ণ তেজ পৰীক্ষা কৰাওক।

চকুৰ ৰঙা পৰা- মূৰ ঘূৰোৱা

যদি আপোনাৰ চকু ৰঙা আৰু মূৰ ঘূৰোৱাৰ সমস্যা হৈছে, তেনেহ'লে আপোনাৰ ৰক্তচাপ পৰীক্ষা কৰাওক।

কোনো ঠাই সৰুকৈ ফুলি উঠা

যদি আপুনি শৰীৰত বা আঁঠু, ভ্ৰূ, হাত আৰু ভৰিত সৰুকৈ ফুলা দেখা পায়, তেনেহ'লে আপুনি তেজৰ কলেষ্টেৰল পৰীক্ষা কৰাব লাগে।

চুলি সৰা

যদি ধুই শুকোৱাৰ পিছত চুলি অত্যাধিক সৰি যায়, তেনেহ'লে আপুনি থাইৰইড পৰীক্ষা কৰাব লাগে।

চকুৰ গুৰি কলা পৰা

যদি চকুৰ তলৰ ডাঠ বৃত্তটো দিনে দিনে বাঢ়ি আহিছে, তেনেহ'লে আপোনাৰ এলাৰ্জিৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

চকুৰ ভ্ৰূ পাতল হোৱা

যদি ঘন চকুৰ ভ্ৰূ পাতল হৈ যায়, ইয়াৰ অৰ্থ হৈছে হৰমনবোৰত কিবা সমস্যা আছে। সেয়েহে সোনকালে হৰমনবোৰ পৰীক্ষা কৰাওক।