স্বাস্থ্য

আপুনিও 'স্মাইলিং ডিপ্ৰেছন'ৰ স্বীকাৰ নেকি? কেনেকৈ চিনি উলিয়াব, জানক সৱিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ, আজিৰ দিনত হতাশা এক স্বাভাৱিক ঘটনা হৈ পৰিছে। বহু লোকে কম বেছি পৰিমাণে ডিপ্ৰেছন বা মানসিক অৱসাদৰ সন্মুখীন হোৱা দেখা যায়। এই ডিপ্ৰেছনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যোগ বা মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰি।

ডিপ্ৰেছন বহু প্ৰকাৰৰ আছে। তাৰ ভিতৰত 'স্মাইলিং ডিপ্ৰেছন' অন্যতম। অৰ্থাতৎ এজন মানুহে ডিপ্ৰেছনৰ স্বীকাৰ হ'লেও হাঁহি থাকে।

কেতিয়াবা কোনো লোকে জীৱনৰ চৰম পন্থা বাছি ল'লে শুনিবলৈ পোৱা যায় যে লোক জনটো বহুত সুখী আছিল, সদায় হাঁহি ধেমালি কৰি থাকে। কিয় এই কাম কৰিলে। আচলতে ইয়াৰে একাংশ লোক স্মাইলিং ডিপ্ৰেছনৰ বশৱৰ্তী।

ডিপ্ৰেছন বুলি ক'লে সাধাৰণতে কান্দি থকা, অকলশৰীয়া অনুভৱ কৰা, খং কৰা আদি বুলি ধাৰণা কৰা হয়। কিন্তু হাঁহি থকা এজন ব্যক্তিও ডিপ্ৰছনৰ স্বীকাৰ হ'ব পাৰে।

কেনেকৈ গ'ম পাব স্মাইলিং ডিপ্ৰেছনৰ স্বীকাৰ হোৱা বুলি?

চিকিৎসকৰ মতে স্মাইলিং ডিপ্ৰেছন চিনি উলিওৱা কিছু কঠিন যদিও ইয়াৰ কেইটামান মুখ্য বৈশিষ্ট আছে। সেইকেইটা হ'ল- মনৰ ভিতৰত অশান্তি অনুভৱ, কোনো কামত ৰুচী নথকা আৰু সোনকালে ভাগৰুৱা অনুভৱ কৰা।ইয়াৰোপৰি শৰীৰৰ বিভিন্ন অংশ বা মূৰৰ বিষ হ'ব পাৰে।

একাংশ লোকে নিজকে শক্তিশালী দেখুৱালৈ ভাল পায়। অৰ্থাৎ তেওঁলোকে নিবিচাৰে যে আনে গম পাওঁক মানসিকভাৱে তেওঁ দুৰ্বল বা আনে তেওঁক সহানুভূতি দিয়ক। যাৰ বাবে তেওঁ অশান্তিত থাকিলেও হাঁহি থাকে। মনোৰোগ বিশেষজ্ঞৰ মতে হাঁহি থকা এজন মানুহৰ ডিপ্ৰেছনৰ ডাঙৰ কাৰণ হ'ল যে তেওঁ নিজকে দুৰ্বল বুলি স্বীকাৰ কৰিব নিবিচাৰে।

ডিপ্ৰেছনৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰে। যেতিয়া আপুনি গ'ম পাই যে আপুনি ডিপ্ৰেছনৰ স্বীকাৰ হৈছে তেতিয়া আনৰ লগত মুকলিকৈ ইয়াৰ বিষয়ে কথা ক'বলৈ আৰম্ভ কৰক। বা মনোচিকিৎসকৰ সহায় লওক। তদুপৰি কোনো লোক যদি স্মাইলিং ডিপ্ৰেছনৰ স্বীকাৰ হৈছে তেন্তে সেই লোক জনক সহায় কৰাৰ চেষ্টা কৰক।