স্বাস্থ্য

এইসমূহ দিশত চকু দি এতিয়াৰ পৰাই নিজক সুৰক্ষিত ৰাখক

Asomiya Pratidin

ডিজিটেল ডেস্ক: গৰম বৃদ্ধি হোৱাৰ সমান্তৰালকৈ আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে।শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে যে প্ৰায় ৯০ শতাংশ ভাৰতীয়ৰ স্বাস্থ্যৰ সমস্যা, খাদ্য সংকট আৰু অত্যাধিক গৰমৰ ফলত মৃত্যু হোৱাৰ আশংকা অধিক।গৰমৰ দিন আহিল।সেয়েহে, কোনবোৰ ৰোগে গৰমত বেছিকৈ আমাৰ শৰীৰক আক্ৰমণ কৰে আৰু ইয়াৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰো, আজি সেই বিষয়ে জানো আহক-

কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত কোৱা হৈছে যে বৰ্ধিত তাপমাত্ৰাৰ বাবে ভাৰতৰ কেইবাটাও অঞ্চল ইতিমধ্যে তীব্ৰ তাপ প্ৰবাহৰ সন্মুখীন হৈছে।ইয়াত কোৱা হৈছে যে অত্যাধিক গৰমে বন্ধ ঠাইবোৰত বিপদাশংকাৰ স্তৰ বৃদ্ধি কৰে।আকলন অনুসৰি ২০৫০চনৰ ভিতৰত ৩০০নিযুতৰো অধিক লোক হিটৱেভৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু ২১০০চনলৈ ইয়াৰ ফলত প্ৰায় ৬০০ নিযুত ভাৰতীয়ৰ জীৱনৰ মানদণ্ড হ্ৰাস হ'ব।

গ্ৰীষ্মকালত বেছিকৈ হোৱা ৰোগবোৰ হৈছে-

হিট ষ্ট্ৰ’ক

হিট ষ্ট্ৰ’ক হৈছে গ্ৰীষ্মকালৰ আটাইতকৈ বেছিকৈ হোৱা ৰোগ। শৰীৰত পানীৰ অভাৱৰ বাবে হিট ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হয়।হিট ষ্ট্ৰ’কৰ ফলত খাদ্যৰ বিষক্ৰিয়া, জ্বৰ, পেটৰ বিষ আৰু বমি হয়। সেয়েহে গৰমৰ দিনকেইটাত পানী অধিক পৰিমাণে সেৱন কৰা আৰু যি কোনো ৰোগৰ সঠিক সময়ত সঠিক চিকিৎসা কৰাটো অত্যন্ত প্ৰয়োজনীয়। 

হিট ষ্ট্ৰ’কৰ পৰা বাচি থকাৰ উপায়- 

- হিট ষ্ট্ৰ’কৰ পৰা বাচি থাকিবলৈ ৰ'দত বাহিৰলৈ যোৱাটো বন্ধ কৰক। 

-যদি বাহিৰলৈ যোৱাটো খুবেই প্ৰয়োজনীয় হয়, তেতিয়া ছাতি লওঁক, টুপী পিন্ধক আৰু যিমান সম্ভৱ শৰীৰ ঢাকি ৰখা কাপোৰ পিন্ধিব।বাহিৰলৈ ওলাই যাওঁতে লগত পৰ্যাপ্ত পানী ল’বলৈ নাপাহৰিব।

- বতৰৰ ফলৰ ৰস যেনে কুঁহিয়াৰৰ ৰস, কেঁচা আমৰ ৰস, নাৰিকল পানী যিমান পাৰে খাবলৈ চেষ্টা কৰিব।

খাদ্যৰ বিষক্ৰিয়া 

গ্ৰীষ্মকালত বহুলোকৰে খাদ্যত বিষক্ৰিয়া হয়। এই দিনকেইটাত বতাহত উৰি ফুৰা  বীজাণুবোৰে আপোনাৰ খাদ্য নষ্ট কৰিব পাৰে।যাৰ ফলত আপুনি পাকস্থলীৰ সৈতে সম্পৰ্কিত নানান সমস্যাৰ সন্মুখীন হ'ব পাৰে। 

খাদ্যৰ বিষক্ৰিয়াৰ পৰা কেনেকৈ বাচি থাকিব

- সেউজীয়া পাচলি খাব। যিকোনো পাচলি বনোৱাৰ আগতে ভালদৰে ধুব। 

- আমিষ খাদ্য ভালদৰে ৰান্ধিহে খাব। 

- সদায়ে খাদ্য খোৱাৰ স্থান, পাকঘৰ, ডাইনিং টেবুল ভালকৈ পৰিস্কাৰ কৰি ৰাখিব।বাচনবোৰ ভালকৈ ধুব।

-পুৰণি মছলাবোৰ নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব, যাতে গৰমত সেইবোৰ বেয়া হৈ নাযায়। পৰাপক্ষত গৰমত মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব।

এচিডিটি

 গ্ৰীষ্মকালত আমি সকলোয়ে সন্মুখীন হোৱা স্বাস্থ্য সমস্যাৰ এক অন্যতম সমস্যা হৈছে এচিডিটি। ইয়াৰ ফলত বুকুত জ্বলা-পোৰা আৰু বিষ হোৱাৰ লগতে বমি হোৱাৰ দৰে অনুভৱ হয়। বহুবাৰ আপুনি ইয়াৰ বাবে চিকিৎসালয়লৈও যাবলগীয়াত পৰে। এনে পৰিস্থিতিত আপুনি আগতীয়াকৈ সতৰ্ক হৈ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। 

এচিডিটিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

- এচিডিটিৰ বাবে পেট বেয়া লাগি থাকিলে গুড় খাব, ই কিছু পৰিমাণে আপোনাক সকাহ দিব।   গুড় খোৱাৰ পিছত এগিলাচ পানী খাব।

- এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ক'লা নিমখৰ সৈতে আমলখিও খাব পাৰে।

-যেতিয়াই আপুনি পেটত বিষ বা জ্বলা-পোৰা অনুভৱ কৰে, এগিলাচ ঠাণ্ডা গাখীৰ খাব। 

- খাদ্য খোৱাৰ পাছত বেকিং চ’ডা অকনমান খালে বদহজম, পেট ফুলা আৰু গেছৰ পৰা সকাহ দিয়ে।

ঘামচি

তীব্ৰ সূৰ্যৰ পোহৰ আৰু ঘামৰ বাবে গৰমৰ দিনকেইটাত বহুলোকে ঘামচিৰ সমস্যাৰো সন্মুখীন হয়।ঘামচিৰ বাবে আপোনাৰ শৰীৰত খজুৱতি হোৱাটো স্বাভাৱিক।

ঘামচিৰ পৰা বাচি থকাৰ উপায়-

-ঘামচিৰ সমস্যাৰ পৰা বাচি থাকিবলৈ আপুনি কপাহী কাপোৰ পিন্ধিব। 

-গা ধোৱাৰ লগে লগে কাপোৰ পিন্ধি নিদিব। 

- গা ধোৱাৰ পাছত প্ৰথমে শৰীৰটো ভালদৰে শুকুৱাবলৈ দিব আৰু তাৰ পিছত প্ৰয়োজন  অনুসৰি কাপোৰ পিন্ধিব।

- বাহিৰলৈ যোৱাৰ আগতে নিজকে ভালদৰে ঢাকি ৰাখিব।ঘনাই পানী খাই থাকিব।