স্বাস্থ্য

গাহৰি মাংস খাই স্বাস্থ্যৱান হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: গাহৰি, অধিকাংশৰ মতে গাহৰি হেনো আৱেগ।সম্প্ৰতি যুৱ চামৰ সকলো পাৰ্টী-উৎসৱৰ খাদ্যৰ তালিকাত প্ৰথমেই স্থান লাভ কৰে গাহৰি মাংসই।আগতে কেৱল উজনি অসমত গাহৰি মাংসৰ প্ৰচলন বেছি আছিল। অসমৰ বহুকেইটা জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য গাহৰি মাংস।কিন্তু আজিকালি অসমৰ প্ৰতিটো চুকে-কোণে গাহৰি মাংসৰ সমাদৰ অভাৱনীয় ভাৱে বৃদ্ধি পাইছে।সকলোৰে প্ৰিয় খাদ্য গাহৰি মাংসৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে আজি জানো আহক-

গাহৰিক ‘ৰেড মিট’ৰ শাৰীত ধৰা হয়।গাহৰি মাংস সমগ্ৰ বিশ্বতে বিশেষকৈ পূৱ এছিয়াত বেছিকৈ প্ৰচলিত।কিন্তু ইছলাম আৰু ইহুদী ধৰ্মত গাহৰি মাংস নিসিদ্ধ।

গাহৰি মাংসত প্ৰচুৰ পৰিমাণে প্ৰ'টিন,নিয়াচিন, ভিটামিন বি৬ আৰু বি১২, আইৰণ আৰু জিংক পোৱা যায়।গাহৰিৰ মাংসত যথেষ্ট পৰিমাণে ভিটামিন বি ৬ আৰু বি ১২ থাকে, যিয়ে ৰক্ত কোষ গঠন আৰু মস্তিষ্কৰ বিকাশত গুৰুতৰ ভূমিকা পালন কৰে।উচ্চ প্ৰ'টিন তথা বহু ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ গাহৰি মাংস স্বাস্থ্যকৰ আহাৰত এক উৎকৃষ্ট সংযোজন হ'ব পাৰে।

গাহৰিৰ মাংসৰ প্ৰ'টিন

সকলো মাংসৰ দৰে গাহৰি মাংসতো যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে।সতেজ গাহৰিৰ মাংসৰ তুলনাত শুকান চৰ্বিহীন গাহৰিৰ মাংসত তিনিগুণ পৰ্যন্ত বেছি প্ৰ’টিন থাকে।এই মাংসত আমাৰ শৰীৰৰ বিকাশ আৰু তত্বাৱধানৰ বাবে প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয় এমিনো এচিড থাকে।দৰাচলতে মাংস হৈছে প্ৰ'টিনৰ সম্পূৰ্ণ উৎস। সেই কাৰণে গাহৰি মাংস বডিবিল্ডাৰ, আৰোগ্যৰ বাবে বিশ্ৰাম লোৱা খেলুৱৈ, অস্ত্ৰোপচাৰৰ পিছত আৰু পেশী গঢ়িবলৈ বিচৰা লোকসকলৰ বাবে বিশেষভাৱে উপকাৰী হ'ব পাৰে।তদুপৰি গাহৰি মাংসৰ উপাদান হেম আৰু বেকনত উচ্চ পৰিমাণৰ ছডিয়াম থাকে।

গাহৰিৰ মাংসৰ চৰ্বি

গাহৰিৰ মাংসত বিভিন্ন পৰিমাণৰ চৰ্বি থাকে।আন প্ৰকাৰৰ ‘ৰেড মিট’ৰ দৰেই গাহৰি মাংসও মুখ্যতঃ সংপৃক্ত চৰ্বি আৰু অসংপৃক্ত চৰ্বিৰে গঠিত।পৰিষ্কাৰ কৰা গাহৰিৰ চৰ্বিও সম্প্ৰতি সকলোৰে প্ৰিয় হৈ পৰিছে,যাক লাৰ্ড বুলি কোৱা হয়।বিভিন্ন ৰন্ধন প্ৰক্ৰিয়াত লাৰ্ড ব্যৱহাৰ কৰা হয়।

সকলোৰে ভাল আৰু বেয়া দিশ দুয়োটায়ে থাকে।গাহৰি মাংসৰো কিছু অপকাৰী গুণ আছে।

গাহৰি মাংসৰ সম্ভাৱ্য বিপদাশংকা-

  • হৃদৰোগত আক্ৰান্ত লোকসকলে গাহৰি মাংস পৰাপক্ষত পৰিহাৰ কৰিব লাগে।গাহৰিৰ মাংসত ছডিয়াম আৰু সংপৃক্ত চৰ্বি অধিক পৰিমাণে থাকে,যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপযোগী নহয়।

  • গাহৰি মাংসৰ পৰা সৃষ্ট বেকনত ছালফেট বা ছালফাইট থাকে।অত্যাধিক ছালফেট স্বাস্থ্যৰ পক্ষে হানিকাৰক।সেয়েহে পৰাপক্ষত বেকন খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত নকৰাই ভাল।

  • গাহৰি মাংস ভালকৈ নিসিজিলে এই মাংস খোৱাৰ ফলত পৰজীৱী সংক্ৰমণ হ'ব পাৰে। টেনিয়া চ'লিয়াম অথবা গাহৰি মাংসৰ টেপৱৰ্ম হৈছে এক অন্ত্ৰৰ পৰজীৱী। বেছিভাগ সময়তে ই ক্ষতিকাৰক নহয় যদিও ই চিষ্টিকাৰকোচিছ নামৰ ৰোগ সৃষ্টি কৰিব পাৰে, যাৰ ফলত মৃগীৰোগ হয়।

  • কেঁচা বা কম ৰন্ধা গাহৰিৰ মাংস খোৱাৰ ফলত ট্ৰাইচিনোচিছ হ'ব পাৰে।ট্ৰাইচিনোচিছ ট্ৰাইচিনেলা নামৰ পৰজীৱী ঘূৰণীয়া কীটৰ সংক্ৰমণ।প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত এই সংক্ৰমণ বেছিকৈ হয়। 

  • উল্লেখ্য, পৰজীৱী সংক্ৰমণ পৰিহাৰ কৰিবলৈ সদায়ে গাহৰিৰ মাংস ভালদৰে ৰান্ধিব লাগে আৰু পৰিৱেশন কৰাৰ আগতে মাংসখিনিৰ পৰা পৰজীৱী আৰু বেক্টেৰিয়া ধ্বংস কৰিবলৈ গৰম কৰিব লাগে।