স্বাস্থ্য

পুষ্টিৰে ভৰপুৰ আম খাই গৰমত স্বাস্থ্যৱান হৈ থাকক

Asomiya Pratidin

ডিজিটেল ডেস্ক: শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে প্ৰিয় ফল আম।বিশেষকৈ গ্ৰীষ্মকালত আমৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। সমগ্ৰ বিশ্বত প্ৰায় ১৪০০ প্ৰকাৰৰ আম পোৱা যায়। কিন্তু আমাৰ দেশত খেতি কৰা আমৰ মুখ্য প্ৰকাৰবোৰ হৈছে দাশেৰী, লাংদা, ফজলি, চেফ্ৰন, সিন্দুৰী ইত্যাদি। আমত পটাছিয়াম, প্ৰ'টিন, মেগনেছিয়ামৰ দৰে পুষ্টি পোৱা যায়, যিয়ে আমাৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।আজি আম খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে

আম ভিটামিন চি আৰু ভিটামিন এ সমৃদ্ধ।এই ভিটামিনসমূহক ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।আম খাই আপুনিবিভিন্ন প্ৰকাৰৰ সংক্ৰমণ আৰু ৰোগৰ পৰা বাচি থাকিব পাৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে

আমত মেগনেছিয়াম, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই উপাদানবোৰে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। আম খাই আপুনি হৃদযন্ত্ৰ সম্পৰ্কীয় সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।

পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে

আমত যথে পৰিমাণে আঁহ পোৱা যায়, যিয়ে আমাৰ হজম শক্তি উন্নত কৰে। ইয়াত থকা এনজাইমে পাচন শক্তি বৃদ্ধি কৰে। যদি আপুনি নিয়মীয়াকৈ আম খায়, আপোনাৰ হজম ভাল হ'ব।

চকুৰ বাবে উপকাৰী

আমত লুটিন, জেক্সান্থিন আৰু ভিটামিন এ থাকে। এই সকলোবোৰ উপাদানে চকু স্বাস্থ্যৱান ৰখাত সহায় কৰে। লুটিন আৰু জেক্সান্থিনে আপোনাৰ চকুক সূৰ্যৰ পৰা সুৰক্ষিত কৰিব পাৰে। আনহাতে, ভিটামিন এ-ক দৃষ্টিশক্তি বৃদ্ধি কৰাৰ বাবে ভাল বুলি গণ্য কৰা হয়।

কৰ্কট ৰোগ প্ৰতিৰোধী

আমত থকা পলিফেনলে অক্সিডেটিভে চাপৰ সৈতে যুঁজ দিয়াত সহায় কৰে। যি মলাশয়, প্ৰষ্টেট, স্তন আৰু হাড়ৰ কৰ্কটকে ধৰি বহুতো স্বাস্থ্য সমস্যাৰ মূল কাৰণ।