স্বাস্থ্য

বেছনৰ আছে আশ্চৰ্যকৰ লাভালাভ

asomiyapratidin

ডিজিটেল ডেস্ক: বেছন যিমানে সুস্বাদু, স্বাস্থ্যৰ বাবেও ই সিমানেই উপকাৰী।বেছনত উপলব্ধ আঁহ আৰু প্ৰ'টিনে শৰীৰটোক বহুতো ৰোগৰ পৰা সকাহ দিয়ে।বেছন অতি সোনকালে হজম হয়। ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰা হ্ৰাস কৰাতো ই যথেষ্ট সহায়ক।বেছনত যথেষ্ট পৰিমাণৰ লিনিক এচিড আৰু অলিক এচিড থাকে। ই অসংপৃক্ত চৰ্বি। ইয়াত পোৱা ৰিবোফ্লেভিন, নিয়াচিন, ফোলেট আৰু বিটা-কেৰোটিন ছালৰ বাবে যথেষ্ট উপকাৰী।

বেছনৰ আৰু আশ্চৰ্যজনক লাভালাভ বিষয়ে আজি জানো আহক-

শালমনৰ সমস্যা দূৰ কৰে

বেছনত থকা জিঙ্কে শিপাৰ পৰা শালমণৰ সমস্যা নি:শেষ কৰে।বেছন ‘ফেচ পেক’ হিচাপে ব্যৱহাৰ কৰিলে মুখৰ ছাল উজ্জ্বল হয়। বেছনত গোলাপ জল মিহলি কৰি এটা ‘ফেচ পেক’ বনাওক আৰু ইয়াক মুখত ১৫-২০ মিনিটমানৰ কাৰণে প্ৰয়োগ কৰি পিছত কুহুমীয়া পানীৰে ধুই দিয়ক। সপ্তাহত এনেকৈ দুই তিনিবাৰ মান প্ৰয়োগ কৰিলে আপুনি ইয়াৰ পৰা এশ শতাংশই উপকৃত হ’ব।

ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে

গৱেষণা অনুসৰি বেছনে ডায়েবেটিচ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে।খাদ্যৰ তালিকাত নিয়মীয়াকৈ বেছন অন্তৰ্ভূক্ত কৰিলে ই ডায়েবেটিচৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।বেছন  হৈছে এক গ্লুটেন মুক্ত আহাৰ, যাৰ গ্লাইচেমিক সূচকো অতি কম।সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে ডায়েবেটিচ ৰোগীক বেছন খাবলৈ পৰামৰ্শ দিয়ে।

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে

বেছনত বহু ভিটামিন, খনিজ আৰু আঁহ থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।এক গৱেষণা অনুসৰি, তিনি চাহ চামুচ বেচনত এটা কলৰ সমান পটাছিয়াম থাকে।উল্লেখ্য যে, পটাছিয়ামক ৰক্তচাপ হ্ৰাস কৰাত সহায়ক বুলি গণ্য কৰা হয়।ৰক্তচাপ নিয়ন্ত্ৰণত থাকিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

ওজন হ্ৰাস কৰাত সহায়ক

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে বেছন আপোনাৰ বাবে খুবেই উপযোগী।২০১০ চনত কিছু লোকৰ ওপৰত ১২ সপ্তাহ ধৰি চলা এক গৱেষণাত দেখা গৈছিল যে বেছনে পেটটো ভৰ্তি কৰি ৰখাৰ ফলত ভোক হ্ৰাস হয়। যিয়ে অধিক খোৱা পৰিহাৰ কৰে আৰু ই ওজন হ্ৰাসত সহায়ক হয়।

কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে

টৰণ্টো বিশ্ববিদ্যালয়ত কৰা এক গৱেষণা অনুসৰি, বেছনে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আশ্চৰ্যকৰ কাম কৰে। ইয়াত যথেষ্ট পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে কলেষ্টেৰল বৃদ্ধি হ'বলৈ নিদিয়ে। অষ্ট্ৰেলিয়াত কৰা আন এক অধ্যয়নত এইটোও পোৱা গৈছে যে বেছনে বেয়া কলেষ্টেৰলৰ স্তৰো বৃদ্ধি নকৰে।