স্বাস্থ্য

ছালৰ কৰ্কট ৰোগৰ কাৰক মাছ

Asomiya Pratidin

ডিজিটেল ডেস্ক: মাছ প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস।মাছত অমেগা-৩ ফেটি এচিড, ভিটামিন ডি আৰু আন বহু পুষ্টি থাকে। কিন্তু অত্যাধিক মাছ খোৱাটোও স্বাস্থ্যৰ বাবে বিপদজনক।শৰীৰটোক সুস্থ সবল কৰি ৰাখিবলৈ চিকিৎসকেও মাছ খাবলৈকে পৰামৰ্শ দিয়ে। কিন্তু আপুনি জানি আচৰিত হ'ব যে মাছ খোৱাটোৱে ছালৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।হয়, শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে এই ভয়াৱহ তথ্য।

‘ব্ৰাউন ইউনিভাৰ্চিটি অৱ আমেৰিকা’ৰ শেহতীয়া এক গৱেষণাত উল্লেখ কৰা মতে ৪,৯১,৩৬৭ জন লোকৰ ক্ষেত্ৰত অধ্যয়ন কৰাৰ পিছত তেওঁলোকে প্ৰমাণ পালে যে অধিক মাছ খোৱাৰ ফলত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে। মাছ খোৱাটোৱে ছালৰ বাহিৰৰ স্তৰত অস্বাভাৱিক কোষৰ আশংকা বৃদ্ধি কৰিব পাৰে। গৱেষকসকলে এই কোষবোৰক মেলানোমা নামৰে নামাংকৃত কৰিছে, যি হৈছে এক প্ৰকাৰৰ প্ৰাক-কৰ্কট ৰোগ।

আনহাতে, বিশেষজ্ঞসকলৰ মতে মাছ খোৱাৰ ফলত প্ৰতিজন ব্যক্তিৰ মেলানোমা নহ’বও পাৰে।ছালৰ কৰ্কট ৰোগৰ আশংকা মূলতে মাছৰ ৰন্ধনৰ ওপৰতহে নিৰ্ভৰ কৰে। যেতিয়া আপুনি বেছিকৈ ভজা মাছ খায়, তেতিয়া স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। কিয়নো যিমানেই বেছিকৈ মাছ ভজা হয়, সিমানেই মাছৰ পৰা অমেগা-৩ ফেটি এচিডৰ পৰিমাণ হ্ৰাস হৈ গৈ থাকে। আন একাংশ বিশেষজ্ঞৰ মতে, মাছত পলিক্ল'ৰিনেটেড, ডায়ক্সিন, আৰ্চেনিক, পাৰা আদি দূষিত পদাৰ্থ থকাৰ বাবেহে ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে।