স্বাস্থ্য

আজৱাইনৰ চমৎকাৰী স্বাস্থ্য উপকাৰিতা

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভাৰতীয় সকলৰ পাকঘৰত থকা মচলাবোৰ সাধাৰণতে সোৱাদৰ লগতে স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। এই মচলাবোৰৰ এবিধ অন্যতম মছলা হৈছে আজৱাইন বা জনি গুটি।আজৱাইনত প্ৰ'টিন, চৰ্বি, আঁহ, খনিজ পদাৰ্থ, কেলচিয়াম, আইৰণ আৰু নিকোটিনিক এচিড থাকে, যিয়ে আমাৰ শৰীৰটোক বহু ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে। ৰাতি টোপনি যোৱাৰ আগতে আজৱাইন খালে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে।ইয়াৰ উপৰিও এইবিধ মছলাৰ আৰু বহুতো স্বাস্থ্য লাভালাভ আছে। আজি সেই বিষয়ে জানো আহক-

অনিদ্ৰা দূৰ কৰে

যদি আপোনাৰ নিশা ভালদৰে টোপনি নাহে, আপুনি আজৱাইন খাব পাৰে। আজৱাইনে আপোনাৰ মগজুক শান্ত কৰি ৰাখে।সেয়ে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ ঔষধ খোৱাতকৈ আজৱাইন খাব।আজৱাইনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। 

পিঠিৰ বিষ হ্ৰাস কৰে

যদি আপোনাৰ পিঠিৰ বিষ হয়, তেন্তে ৰাতি শোৱাৰ আগতে এক চাহ চামুচ ভজা আজৱাইন খাব।এইখিনি খোৱাৰ পাছত এক গিলাচ গৰম পানীও খাব। কিন্তু ৰাতিৰ খাদ্য খোৱাৰ পিছতহে আজৱাইন খাব লাগিব।এনেদৰে কেইদিনমান খালে আপোনাৰ পিঠিৰ বিষ একেবাৰে নাইকিয়া হৈ যাব।

চৰ্দি- ঠাণ্ডাৰ পৰা সকাহ 

চৰ্দিৰ সমস্যাৰ পৰা সকাহ পাবলৈ আজৱাইন অতি উত্তম বুলি গণ্য কৰা হয়।এক চাহ চামুচ আজৱাইনত এক চিকুট ক'লা নিমখ মিহলি কৰক আৰু খাওঁক। ইয়াৰ পিছত এক গিলাচ গৰম পানী খাব। ই আপোনাক চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ পৰা সকাহ দিব। 

কোষ্ঠকাঠিন্যৰ পৰা সকাহ

যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেন্তে আপুনি এক চাহ চামুচ আজৱাইন ভাজি ৰাতি শোৱাৰ আগতে ভালদৰে চোবাই খাব। ইয়াৰ পিছত গৰম পানী খাব। এনেদৰে কেইদিনমান খালে আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাব। 

ডায়েৰিয়াৰ পৰা সকাহ 

ডায়েৰিয়া ৰোগীসকলৰ বাবে আজৱাইন খোৱাটো অতি উপকাৰী । ৰাতি শুবলৈ যোৱাৰ আগতে এক গিলাচ গৰম পানীৰ লগত এক চাহ চামুচ আজৱাইন ভালদৰে গৰম কৰি খাব। ইয়াক পান কৰিলে আপোনাৰ ডায়েৰিয়া আৰু পেট সম্পৰ্কীয় সমস্যা অতি শীঘ্ৰে দূৰ হ’ব।

বি. দ্ৰ: যদি আপোনাৰ কিবা প্ৰকাৰৰ এলাৰ্জি আছে, তেন্তে ইয়াক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক।