সমন্বয়ৰ বৰ্ণিল ক্ষেত্ৰলৈ পৰিণত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ...
সমন্বয়ৰ বৰ্ণিল ক্ষেত্ৰলৈ পৰিণত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ... 
গুৱাহাটী

সমন্বয়ৰ বৰ্ণিল ক্ষেত্ৰলৈ পৰিণত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে বিয়লি সমন্বয়ৰ বৰ্ণিল ক্ষেত্ৰলৈ পৰিণত হ'ল পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত হয় 'সাঁকোঃ আন্তঃগোষ্ঠীয় সমন্বয় যাত্ৰা' শীৰ্ষক এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় অনুষ্ঠান।

য'ত ৬ টাকৈ ভাষত পৰিবেশিত হ'ল 'তুমি চিত্ত বৃত্তি মোৰ' শীৰ্ষক প্ৰাৰ্থনা।এই অনুষ্ঠানতে বঙাইগাওঁ জিলাৰ অবড়ো শিল্পীয়ে পৰিবেশন কৰিলে বাগোড়োম্বা, সত্ৰীয়া নৃত্য পৰিবেশন কৰিলে বঙাইগাওঁ আৰু চিৰাং জিলাৰ বড়ো শিল্পীয়ে, গুমৰাগ পৰিবেশন কৰিলে মাজুলীৰ অমিচিং শিল্পীয়ে। সেইদৰে কুশান পৰিবেশন কৰিলে চিৰাং জিলাৰ বড়ো শিল্পীয়ে, খেৰাই পৰিবেশন কৰিলে বঙাইগাওঁ জিলাৰ অবড়ো শিল্পীয়ে, বিহু পৰিবেশন কৰিলে চিৰাং জিলাৰ বড়ো শিল্পীয়ে।

একেদৰে মুক-বধিৰ আৰু দৃষ্টি বাধাগ্ৰস্ত শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিবেশন কৰিলে আৰু জনপ্ৰিয় শিল্পী পাপনে পৰিবেশন কৰা বৰগীতত নৃত্য কৰিলে বড়ো শিল্পীসকলে। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বৰ্ণিল কাৰ্যসূচীয়ে উপস্থিত কেইবা শতাধিক দৰ্শকক আপ্লুত কৰাই নহয় আৱেগিকো কৰি তোলে।

গোটেই অনুষ্ঠানৰ আটাইতকৈ আকৰ্ষণীয় আৰু উপস্থিত দৰ্শকক ৰোমাঞ্চিত কৰি তোলাৰ সমান্তৰালকৈ আৱেগিক কৰি তোলা অনুষ্ঠানটো আছিল মুক-বধিৰ আৰু দৃষ্টি বাধাগ্ৰস্ত শিল্পীৰ দলটোৱে পৰিবেশন কৰা সত্ৰীয়া নৃত্য। এই অনুষ্ঠানত মুক-বধিৰ নৃত্য শিল্পীসকলে সত্ৰীয়া নৃত্য পৰিবেশন কৰাৰ লগতে ঘোষা পৰিবেশন আৰু খোল-তাল আদি বাদ্য সংগত কৰে দৃষ্টিহীন এদল শিক্ষাৰ্থীয়ে। মুক-বধিৰ নৃত্য শিল্পীসকলক দৰ্শকৰ মাজৰ পৰা পৰিস্মিতা নামৰ এগৰাকী যুৱতীয়ে পোহৰৰ জৰিয়তে বিশেষ নিৰ্দেশনা প্ৰদান কৰে। এই অনুষ্ঠানে উপস্থিত সকলোকে আলোড়িত কৰি তোলে।

মুক-বধিৰ, দৃষ্টিহীন শিক্ষাৰ্থীয়ে পৰিবেশন কৰা সত্ৰীয়া নৃত্য

উল্লেখ্য, স্বকীয় পৰিচয় অটুট ৰাখি, নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে কেইবাশতিকাজুৰি একেলগে সমিলমিলেৰে বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত এখন সমৃদ্ধিশালী একতাৰ অসম গঢ়ি তোলাৰ লক্ষ্য 'সাঁকো'ৰ। সেই লক্ষ্য আগত লৈয়ে আজি অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাজ্যৰ কেইবাখনো জিলাৰ শিল্পীসকলে পৰিবেশন কৰা আটাইকেইটা অনুষ্ঠানেই মুগ্ধ কৰে উপস্থিত দৰ্শকক।

'সাঁকো'ৰ ব্ৰেণ্ড এম্বেছাডৰ' অংগৰাগ পাপন মহন্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৰুজনাৰ বৰগীত পৰিবেশন কৰাৰ লগতে প্ৰতিটো অনুষ্ঠানৰ শেষত প্ৰতিটো জনগোষ্ঠী একোটাকৈ গীতৰ কলি পৰিবেশন কৰাৰ উপৰিও অতিথিসকলৰ সৈতে মত-বিনিময়ো কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আই এফ এছ তথা ৰাষ্ট্ৰদূত হৰ্ষ বৰ্ধন শ্ৰীংলা, বিশেষ অতিথি হিচাপে উপস্থিত থাকে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, উদ্যোগ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, জি অ' চি ইন চি, ইষ্টাৰ্ণ কমাণ্ডৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

এই অনুষ্ঠানতে 'সাঁকো' আৰু 'সাহচৰ্য' শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে ৰাণা প্ৰতাপ কলিতা, অংগৰাগ পাপন মহন্ত আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ পৰিচালন সঞ্চালক তথা ৰাজ্য মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই। অনুষ্ঠানৰ শেষত সকলো শিল্পী, বাদ্যত সংগত কৰা সকলোকে ধৰি অংগৰাগ পাপন মহন্তই কল্যাণ খৰমান পৰিবেশন কৰে। ইয়াৰ পাছতে উপস্থিত শিল্পীসকলৰ অনুৰোধ ৰক্ষা কৰি কেইবাটাও গীত পৰিবেশন কৰে পাপনে।