গুৱাহাটী

অসমক লাগে এজন স্বতন্ত্ৰ গৃহমন্ত্ৰীঃ বীৰ লাচিত সেনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিছপুৰ প্রেছ ক্লাবত বীৰ লাচিত সেনাৰ সংবাদমেল। ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত ঘটনাক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সংগঠনটোৰ। ৰাজ্যত এগৰাকী স্বতন্ত্র গৃহমন্ত্রীৰ দাবী কৰিছে বীৰ লাচিত সেনাই। লগতে শুকুৰবাৰৰ দিনটোত বীৰ লাচিত সেনা অসমে ৰাজ্যত সংঘটিত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়কলৈ গৃহ বিভাগক প্ৰশ্ন উত্থাপন কৰিছে । লগতে সেই বিষয়সমূহৰ তদন্ত কাৰ্যকৰী কৰিবলৈ দাবী তুলিছে ।

এই দাবীসমূহৰ ভিতৰত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত, শৃংখল চলিহাৰ অপ্ৰত্যাশিত গ্ৰেপ্তাৰ আৰু ব্যৱসায়ী মৌৰৰৰ মসৃণ জামিন, কা আন্ধোলনৰ শ্বহীদ চেম ষ্টিফাৰ্ডৰ হত্যাৰ তদন্ত, কেএলঅৰ জীৱন সিংহৰ প্ৰত্যাৱৰ্তন আৰু নতুনকৈ অসমত পুনৰ কে এলঅৰ সশস্ত্ৰ অৱস্থিতি, প্ৰাঞ্জল মৰাণৰ পত্নীয়ে ন্যায় নাপাই আৰক্ষী সঞ্চালকৰ কাষ চপাৰ স্পৰ্শকাতৰ বিষয়সমূহৰ ন্যায় দাবী জনাইছে ।

লগতে সংগঠনটোৱে অসম আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰিছে । আৰক্ষীৰ সংস্কাৰৰ বিপৰীতে অভিযোগৰ তালিকা দীঘলীয়া হোৱা বুলি সংবাদমেলত উল্লেখ কৰে । তদুপৰি শেহতীয়াকৈ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাকলৈ আৰক্ষীৰ তৎপৰতাই সমগ্ৰ বিভাগটোকে সন্দেহৰ আওতালৈ আনিছে বুলিও অভিযোগ তুলিছে । জোনমণি ৰাভাৰ মৃত্যুৰ পিছত মাতৃৰ কাষত এগৰাকীও সহকৰ্মী উপস্থিত নোহাৱা ঘটনাই আৰক্ষী বিভাগটোক অধিক ৰহস্যৰ আৱৰ্তলৈ লৈ যোৱা বুলি উল্লেখ কৰিছে ।

ইয়াৰ উপৰিও সংগঠনটোৱে দুটা বিষয়ত বিশেষ দাবী উত্থাপন কৰা বুলি আজিৰ সংবাদমেলত উল্লেখ কৰে । এই দাবী কেইটা হৈছে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে অসমত এজন স্বতন্ত্ৰ, সক্ৰিয় গৃহমন্ত্ৰীক দায়িত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে । কেৱল পেটুৱা আৰু মদাহী আৰক্ষীক বিদায় নহয় সমগ্ৰ অসম আৰক্ষীক উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি সংস্কাৰ কৰাৰ দাবী তুলিছে ।