গুৱাহাটী

মহানগৰীত সন্ধানহীন দুই ছাত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সৰস্বতী পূজাৰ উলাহৰ মাজতেই মহানগৰীত সন্ধানহীন হৈছে দুগৰাকী ছাত্ৰী । নুনমাটি পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দুগৰাকী আবেলি পৰা সন্ধানহীন হৈ আছে । সন্ধানহীন হোৱা ছাত্ৰী দুগৰাকীৰ নাম মধুস্মিতা বৈশ্য আৰু বন্দিতা ভূমিক ।

পুৱা ওলাই গৈছিল বিদ্যালয়ত অনুষ্ঠিত সৰস্বতী পূজা লৈ। বিদ্যালয়ৰ পৰা উভতি আহি পুনৰ ঘৰৰ পৰা ওলাই গৈছিল দুই ছাত্ৰী । তেতিয়াৰে পৰা সন্ধান নাই ছাত্ৰী দুগৰাকীৰ। এইপৰ্যন্ত কোনো সুংসুত্ৰ পোৱা নাই ছাত্ৰী দুগৰাকীৰ।

পৰিয়ালৰ লোকে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে যদিও এতিয়া লৈকে সম্পৰ্ক স্থাপন কৰিব পৰা নাই ছাত্ৰী দুগৰাকীৰ লগত।