গুৱাহাটী

'আমাৰ ৰঙালী আমাৰ ট্রেণ্ডচ'ৰ আয়োজন

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিহুৰে বিৰিণাৰ লগত সংগতি ৰাখি ট্রেণ্ডচে আয়োজন কৰিছে 'আমাৰ ৰঙালী আমাৰ ট্রেণ্ডচ' শীৰ্ষক প্রতিযোগিতা। বিহুৰ মাদকতাৰ মাজতে ৰাইজক উদ্যোক্তাসকলে শীৰ্ষক বিহু নৃত্য প্রতিযোগিতাখনত যোগদান কৰিবলৈ আহ্বান জনাইছে।

উক্ত প্রতিযোগিতাখন ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। দুটা শাখাত অনুষ্ঠিতব্য প্ৰতিযোগিতাখনিৰ শাখাসমূহ হ'ল- ১) পৰম্পৰাগত বিহু নৃত্য আৰু ২) আধুনিক ফিউজন বিহু নৃত্য।

আগ্ৰহী প্ৰতিযোগীসকলক নিকটতম ট্রেণ্ডচ ষ্ট'ৰত গৈ পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিযোগীসকলৰ বাবে আছে বহুতো আকর্ষণীয় পুৰস্কাৰ।

প্ৰতিযোগিতাৰ স্থানসমূহ হ'ল- ট্রেণ্ডচ নলবাৰী, নগাঁও, বিশ্বনাথ চাৰিআলি, তিনিচুকীয়া, মৰাণ, দুলীয়াজান, জোনাই, শিৱসাগৰ, ৰঙিয়া, পাঠশালা, দুধনৈ, ধেমাজি। যোগাযোগৰ নম্বৰ- 97072-69077, 60034- 01148 । এই নম্বৰৰ দ্বাৰা প্ৰতিযোগীসকলে সবিশেষ জানিব পাৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।