গুৱাহাটী

মহানগৰীত কৃত্ৰিম বান সৃষ্টিকাৰী ২৬ খন সেতু ভঙাৰ নিৰ্দেশ পৌৰ নিগমৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যা নতুন নহয় । পূৰ্বৰে পৰাই বিভিন্ন কাৰণবশত: বাৰিষাৰ সময়ত এজাক বৰষুণেই বুৰাই পেলাই সমগ্ৰ মহানগৰীক ।

একঁকাল পানীত ককবকাই থাকে মহানগৰবাসী । কেৱল এয়াই নহয় বৰং প্ৰত্যেক বছৰেই বানপানীৰ সময়ত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় বহু দুৰ্ভগীয়াই । বিগত কেইটমান বছৰ ধৰি এই পৰিসংখ্যা হ্ৰাস হৈছে যদিও বৰ্তমানো নিয়ন্ত্ৰণ কৰিব পৰা নাই সম্পূৰ্ণৰূপে ।

তেনেস্থলত পৌৰ নিগমৰ এক পদক্ষেপ খুবেই গুৰুত্বপূৰ্ণ আছিল মহানগৰবাসীৰ বাবে। কিয়নো সন্মুখত বাৰিষা, আগন্তুক দুটা মাহৰ পাছতেই পুনৰ পাৰাপাৰ নেদেখা হ'ব গুৱাহাটীবাসীয়ে ।

৭ মাৰ্চ মঙলবাৰে, কামৰূপ উপায়ুক্তৰ বিভাগৰ পৰা সদৰি এক নিৰ্দেশনা অনুসৰি, বাহিনী নদীৰ ওপৰত থকা ২৬ খনকৈ ভুলকৈ নিৰ্মাণ কৰা সেতু অতি শীঘ্ৰেই ভাঙি পেলোৱা হ'ব । পূৰ্বতে এই সংখ্যা ৮৯ খন আছিল যদিও ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ এক টুইট অনুসৰি কেৱল ২৬ খন সেতু হে ভাঙি পেলোৱা হ'ব ।