মানস চলিহা !
মানস চলিহা ! 
গুৱাহাটী

গুৱাহাটীলৈ অনা হ’ল ধৃত প্রৱঞ্চক মানস চলিহাক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটীলৈ অনা হ’ল প্রৱঞ্চক মানস চলিহাক । শনিবাৰে পশ্চিমবংগৰ এখন হোটেলৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মানস চলিহাক। আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল ধৃত চলিহাক । গ্ৰেপ্তাৰৰ পিছতেই পশ্চিমবংগৰ পৰা মানস চলিহা লৈ অনা হৈছিল কোকৰাঝাৰলৈ । কোকৰাঝাৰত স্বাস্থ্য পৰীক্ষা কৰা হয় প্ৰৱঞ্চক মানস চলিহাৰ । ইয়াৰ পিছতে ক্রাইম ব্রাঞ্চৰ এটা দলে গুৱাহাটীলৈ লৈ আনে ধৃত প্ৰৱঞ্চকটোক । মঙলবাৰে পুনৰ চি জে এম আদালতত হাজিৰ কৰোৱা হ’ব মানসক ।

আলফা (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ কৰিবলৈ গৈ ধৰা পৰা মানস বৰগোঁহাই নামৰ যুৱকজনে এটাৰ পিছত এটাকৈ বিস্ফোৰন ঘটাই থকাৰ মাজতে পোহৰলৈ আহিল মানস চলিহা নামৰ ব্যক্তিজনৰ এক প্ৰৱঞ্চনাৰ গোচৰ। ইয়াৰ পিছতে এটা পিছত আনটো কেলেংকাৰী , প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ আহিবলৈ ধৰে। মানস গোহাঁইৰ অভিযোগৰ পাছতেই পলাতক অৱস্থাত আছিল মানস চলিহা ।

জানিব পৰা মতে মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল। একাংশ সংবাদ মাধ্যমত এই বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

এই সংক্ৰান্তত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগীৰ ভাষ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে, দিছপুৰ থানাত এই গোচৰটো ২০২৩ত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু মানস চলিহাই আৰক্ষীক তদন্তত সহযোগিতা কৰা নাছিল বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।