গুৱাহাটী

মহানগৰীস্থিত বৰবাৰীৰ বিমল কাৰ্ছত টাটা মটৰ্ছৰ নতুন নেক্সন ইভি মেক্স ডাৰ্ক মুকলি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে বিমল কাৰ্ছে গুৱাহাটী মহানগৰীৰ ভিআইপি ৰোডৰ বৰবাৰীত ভাৰতৰ আগশাৰীৰ অট’ ম’বাইল ব্ৰেণ্ড টাটা মটৰ্ছে বৈদ্যুতিক বাহনৰ নতুন নেক্সন ইভি মেক্স ডাৰ্ক মুকলি কৰে।

এই মুকলি অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে অঞ্জন বৰুৱা (টি এছ এম, টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড), অংকিত মিশ্ৰ (টি এছ এম, টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড), প্ৰডাক্ট বিশেষজ্ঞ বিশাল দীপ দাস, প্ৰখ্যাত বৰুৱা (জ্যেষ্ঠ পৰিচালক, টাটা মটৰ্ছ পেচেঞ্জাৰচ ভেহিকলচ লিমিটেড), অৰিহন্ত চাৰাউগি (মুখ্য কাৰ্যবাহী বিষয়া, বিমল কাৰ্ছ), অনুৰাগ চাৰাউগি (মুখ্য কাৰ্যবাহী বিষয়া, বিমল কাৰ্ছ), ৰতন লাল চাৰাউগি (মুখ্য পৰিচালনা সঞ্চালক, বিমল কাৰ্ছ), দিপাংকৰ দাস (মহা প্ৰবন্ধক, বিমল কাৰ্ছ) ।

জিএনচিএপিৰ দ্বাৰা ৫ ষ্টাৰ ৰেটিং লাভ কৰা নেক্সন ইভি মেক্স ডাৰ্ক হৈছে টাটা নেক্সনৰ বৈদ্যুতিক সংস্কৰণ যি বজাৰত ব্যাপকভাৱে গ্ৰহণযোগ্যতা দেখা গৈছে । নেক্সন ইভি মেক্স ডাৰ্ক ৩.৩কিউ আৰু এক্সজেড+লাক্সৰ সৈতে দুটা প্ৰকাৰৰ এক্সজেড+লাক্সত মুকলি কৰা হৈছে ।

নেক্সন ইভি মেক্স ডাৰ্কত ৭.২ কিলোৱাট এচি ৱাল বক্স চাৰ্জাৰৰ সৈতে ৪০.৫ কিলোৱাট উচ্চ শক্তি ঘনত্বৰ লিথিয়াম-আয়ন বেটাৰী পেক প্ৰদান কৰা হৈছে । যিয়ে ৪৫৩ কিলোমিটাৰ ARAI প্ৰমাণিত পৰিসৰ প্ৰদান কৰে ।

বেটাৰী পেক আৰু মটৰ IP67 প্ৰমাণিত আৰু ইয়াত ৮বছৰ/১৬০০০০ কিঃমিঃ ৱাৰেণ্টি দিয়া হৈছে। এই বাহনখনে ঘণ্টাত ০-৬০ কিঃমিঃ গতি ত্বৰান্বিত কৰিবলৈ মাত্ৰ ৯ ছেকেণ্ড সময় লয়।

নেক্সন ইভি মেক্স ডাৰ্ক-ক’লা ৰঙৰ সৈতে আহে আৰু ইয়াত বহুতো সুবিধা যেনে- প্ৰথম সন্মুখৰ লেডাৰেট ভেণ্টিলেটেড চিট, একিউআই ডিচপ্লে, ক্ৰুজ কণ্ট্ৰোল, ৱায়াৰলেচ স্মাৰ্টফোন চাৰ্জাৰ, অটো ডিমিং আইআৰভিএম, ইলেক্ট্ৰিক চানৰুফৰ সৈতে এয়াৰ পিউৰিফায়াৰ, ২৬.০৩চেমি (১০.২৫") হাৰমানৰ দ্বাৰা টাচস্ক্ৰীণ ইনফোটেইনমেণ্ট, ইংৰাজী, হিন্দী, বঙালী, তামিল, তেলেগু, মাৰাঠীত ১৮০ৰো অধিক ভইচ কমাণ্ড, এক অৰ্থত গাড়ীখনক প্ৰযুক্তি, ষ্টাইল, প্ৰদৰ্শন, আৰাম আৰু সুৰক্ষাৰ এক সম্পূৰ্ণ পেকেজৰ সৈতে প্ৰস্তুত কৰা হৈছে।