বিষুৱা উৎসৱ
বিষুৱা উৎসৱ

ৰৌতাত কোঁচ ৰাজবংশী লোক সকলে পালন কৰিলে বিষুৱা উৎসৱ...

ওদালগুৰি জিলাৰ ৰৌতাত কোঁচ ৰাজবংশী লোক সকলে পালন কৰিলে বিষুৱা উৎসৱ। অসমৰ অন্যতম জনগোষ্ঠী কোঁচ ৰাজবংশী লোকে জাতীয় সাজ পৰিধান কৰি উলহ-মালহেৰে উদযাপন কৰিলে চেনেহৰ উৎসৱটি

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতাত কোঁচ ৰাজবংশী লোক সকলে পালন কৰিলে বিষুৱা উৎসৱ। অসমৰ অন্যতম জনগোষ্ঠী কোঁচ ৰাজবংশী লোকে জাতীয় সাজ পৰিধান কৰি উলহ-মালহেৰে উদযাপন কৰিলে চেনেহৰ উৎসৱটি ।

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকে অতীজৰে পৰা বিষুৱা উৎসৱ হিচাপে পালন কৰি আহিছে । ৰৌতা আঞ্চলিক কোঁচ ৰাজবংশী সন্মিলনী আৰু ৰৌতা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰৌতা বাগান বাসন্তী মেলা প্ৰাংগনত চেনেহৰ বিষুৱা উৎসৱটি উদযাপন কৰে ।

বিষুৱা উৎসৱ
বিষুৱা উৎসৱ

ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী, পুৰুষ-মহিলা সকলো ওলাই আহিছে বিষুৱা উৎসৱৰ আনন্দ ল’বলৈ ৷ বিভিন্ন পৰম্পৰাগত সাজ পৰিধান কৰি সকলোৱে স্বকীয় বৈশিষ্ট্যৰে অংশ লৈছে বিষুৱা নৃত্যত ৷

সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষ্টি দলসমূহৰ মাজত পৰম্পৰাগত নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত হয় । উৎসৱটিত অতিথি হিচাপে উপস্থিত থাকে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো ।

পুন প্ৰথম বাৰৰ বাবে বিষুৱা উৎসৱত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰে বিধায়ক চৰন বড়ো । ইফালে কাৰ্যসূচীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰ্মনে অংশগ্ৰহণ কৰি জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী অতি শীঘ্ৰেই পুনৰ কৰিবলৈ চৰকাৰক আহ্বান জনাই । লগতে সশস্ত্ৰ সংগ্ৰাম এৰি আলোচনাৰ মেজলৈ অহা জীৱন সিংহৰ সৈতে শান্তি আলোচনা আগবঢ়াই ল'বলৈ দাবী জনায়।

বিষুৱা উৎসৱ
"ছাউথ এছিয়া ছেনছেচন" সৌন্দৰ্য্য প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্চ আপ খিতাপ অৰ্জন দীপামণি কাকতিৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in