গুৱাহাটী

শ্ৰীকৃষ্ণৰ শৈশৱ কালৰ নান্দনিক পৰিৱেশৰ মাজত কৈটাসিদ্ধিত 'সুঁৱৰী উৎসৱ' উদযাপন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ দক্ষিণ ফালে থকা "শ্ৰী শ্ৰী কৈটাসিদ্ধি সত্ৰ" প্ৰাঙ্গণত ডাঙৰ কৈটাসিদ্ধি ৰাইজ গয়ৰহৰ সৌজন্যত বুধবাৰে ৭৪সংখ্যক "সুঁৱৰী উৎসৱ" অনুষ্ঠিত হয় । পুৱা ৫ বজাত ঊষা কীৰ্তন সম্পাদন কৰে সত্ৰৰ সত্ৰাধিকাৰ ৰজনীকান্ত নাথে ।

উদযাপন সমিতিয়ে জনোৱা অনুসৰি পুৱা ৮ বজাত গোঁসাই স্থাপনৰ অন্তত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে অৱসৰী শিক্ষক বিমল ঠাকুৰীয়াই । দিনৰ ২ বজাত সুঁৱৰি উৎসৱৰ মঞ্চ ‌মুকলি‌ কৰে অৱসৰী শিক্ষক প্ৰদীপ তালুকদাৰে ।

বন্তি‌ প্ৰজ্বলন কৰে সত্ৰৰ মেধি নবীন নাথে । অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই অংশ গ্ৰহণ কৰি কয় "পবিত্ৰ অন্তৰত ভগৱানে থিতাপি লয় । ঈশ্বৰৰ সান্নিধ্য পাবলে টকা, ধন-দৌলত খৰছ নকৰি নিষ্ঠাবান, সদালাপি হ'ব লাগে ।" উদ্ধোধনী অনুষ্ঠানত বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ ‌ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৌৰীকান্ত নাথ, জ্যেষ্ঠ সাহিত্যিক ৰমেশ চন্দ্ৰ তালুকদাৰ, বঙৰা গাঁও পঞ্চায়তৰ‌ সভাপতি নিজৰা দাস, বলোৰাম নাথ, সুৰেণ নাথ, বংশীধৰ নাথ, বয়োজোষ্ঠ খোল বাদক তয়ুৰাম নাথ, প্ৰাণেশ্বৰ নাথে অতিথি হিচাপে অংশ লয় ।

ৰাইজ গয়ৰহৰ সভাপতি প্ৰদীপ চন্দ্ৰ নাথ আৰু সাধাৰণ সম্পাদক ৰত্নেশ্বৰ নাথে নিয়াৰিকে আঁত ধৰা অনুষ্ঠানতে কৈটাসিদ্ধি গাঁৱৰ কেইবাগৰাকীও বিদ্যাৰ্থীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । ইয়াৰ পিছতে কৃষ্ণ, বলোৰাম, বাৰগোপাল, গোপিনী আদিৰ চৰিত্ৰৰে নান্দনিক পৰিৱেশৰ মাজত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ শৈশৱ কাল প্ৰদৰ্শন কৰা হয় । সুঁৱৰি উৎসৱলৈ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য ভক্তপ্ৰাণ লোকৰ সমাবেশ ঘটে ।