গুৱাহাটী

আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয় চৌহদত লাচিতৰ মুৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰৰ আমিনগাঁৱস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন। উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কামৰূপ জিলা দিৱস উপলক্ষে আয়োজন কৰা এই উন্মোচনী অনুষ্ঠানত জলসম্পদ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জিলা উপায়ুক্ত কৃতী জল্লীৰ লগতে আন আন বিষয়-ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে কামৰূপ জিলা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে উক্ত উন্মোচনী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উল্লেখ কৰা প্ৰয়োজন যে এই চৌহদতে কালিৰে পৰা জিলাখনৰ কৃষকসকলৰ উতপাদিত ফচলৰ এক মেলা আৰু কৃষক আৰু কৃষি বিষয়াসকলৰ মাজত বিভিন্ন শস্যৰ কৃষি সন্দৰ্ভত আলোচনাও অনুষ্ঠিত হয়।