গুৱাহাটী

১১ হাজাৰ ঢুলীয়া-নাচনী: গুৱাহাটীত থাকিব ক'ত, খাব কি ? মহানগৰ প্ৰশাসনে চলাইছে প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১১,০০০ নাচনী, ঢুলীয়া আদিক লৈ কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ তৎপৰতা। অসমৰ বাপতি সাহোন বিহুক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিয়াৰ অৰ্থে ১১,০০০ নাচনী, ঢুলীয়া আদিৰ বিহু প্ৰদৰ্শনৰ পৰিকল্পনা চৰকাৰে গ্ৰহণ কৰিছে।

সেই পৰিকল্পনা কাৰ্য্যকৰী কৰাৰ উদ্দেশ্যে গুৱাহাটীত ৰাজ্যখনৰ ঢুলীয়া, নাচনী আদি থকাৰ সুব্যৱস্থা কৰাৰ লক্ষ্যৰে শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড০ ধ্ৰুৱজ্যোতি হাজৰিকাই হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থাৰ বিষয় ববীয়া আৰু জিলাখনৰ হোটেল-ৰেষ্টুৰেণ্টসমূহৰ মালিক - প্ৰৱন্ধকসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰে। হোটেলসমূহে ঢুলীয়া - নাচনী ৰখাৰ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সভাত সকলোকে নিৰ্দেশ দিয়ে।