বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই...
বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই... 
গুৱাহাটী

বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতলত তেওঁ শিষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে বাৰ্ধক্যজনিক ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান সাংবাদিকগৰাকী। নিশা ১.৩০ বজাত তেওঁৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

১৯৬৬ চনত অসম বাতৰিৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা যদু কাকতিক ২০২০ ৰ গণৰাজ্য দিৱসত সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল ৰাজ্য চৰকাৰে। মিডিয়া ট্ৰাষ্ট, অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম খনিকৰ আছিল যদু কাকতি।