গুৱাহাটী

নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ১জন

Asomiya Pratidin

ডিজিটেল ডেস্ক : নৱ নিৰ্মিত নীলাচল উৰণসেতুত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মালিগাঁৱস্থিত উৰণসেতুখনত সংঘটিত দুৰ্ঘটনাৰ ফলত থিতাতে এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি তীব্ৰ বেগেৰে আহি আছিল ট্ৰাকখন। তীব্ৰ বেগী ট্ৰাকখনে এখন চিটি- বাছসহ ৪খনকৈ বাইক মহতিয়াই নিয়ে। যাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

অৱশ্যে নিহত লোকজনৰ পৰিচয় সম্পৰ্কে জানিব পৰা হোৱা নাই। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ চলকজনে পলায়ন কৰে। উল্লেখ্য যে, পূৰ্বেও মালিগাঁৱস্থিত নীলাচল উৰণসেতুত পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাৰ ফলত উৰণসেতুখনৰো ক্ষতিসাধন হয়। ডিভাইডাৰ,ৰেলিঙৰ লগতে বৈদ্যুৎ পৰিবাহী খুঁটা ক্ষতিগ্ৰস্ত হয়।