গুৱাহাটী

মহানগৰীৰ দুৰ্ঘটনাঃ জিলা উপাযুক্তক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...

Asomiya Pratidin

ডিজটেল ডেস্কঃ গুৱাহাটীৰ গণেশগুৰিত বৃহস্পতিবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা । স্কুটিৰে পিতৃৰ সৈতে স্কুললৈ গৈ থকা অৱস্থাতেই দুৰ্ঘটনাত নিহত হয় প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকী । গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাৰ ভিডিঅ' সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই মহানগৰীত যধে-মধে য'ত-তত গাঁত খান্দি ৰখা ঘটনাৰ তীব্ৰ বিৰোধীতা কৰিছে সচেতন মহলে । এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "মই দুৰ্ঘটনাৰ ভিডিঅ’ চাইছো, স্কুটীখনে ভুল দিশেৰে অ’ভাৰটেক কৰিব বিচাৰিছিল । পথত থকা এটা গাঁতৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে । মই ঘটনাৰ তদন্তৰ বাবে জিলা উপাযুক্তক নিৰ্দেশ দিছো । প্রশাসনক ক’ত ক’ত গাঁত আছে পৰ্যৱেক্ষণ কৰিবলৈ দিয়া হৈছে । যান-বাহন আৰক্ষীকো নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছো ।"