গুৱাহাটী

১৯৫ খন দেশৰ পতাকা চিনাক্তকৰণেৰে ৰিয়াঞ্চে গঢ়িলে বিশ্ব অভিলেখ...

Asomiya Pratidin

ডিজটেল ডেস্কঃ গুৱাহাটীৰ ৰিয়াঞ্চ ছোমানিয়ে গঢ়িলে বিশ্ব অভিলেখ । আঠ বছৰ বয়সতে ৰিয়াঞ্চে মাত্ৰ ১ মিনিট ৪৯ ছেকেণ্ড আৰু ১৭ নেনো ছেকেণ্ডত ১৯৫ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা চিনাক্তকৰণেৰে বিশ্ব অভিলেখ গঢ়ি গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে ।

'ফাষ্টেষ্ট ৰিক'গনিচন অব্ নেচনেল ফ্লেগছ'ৰ প্ৰমাণপত্ৰ লাভ কৰিছে ছাত্ৰগৰাকীয়ে । ছাত্ৰগৰাকীৰ এই সাফল্যৰ বাবে শুভাকাংক্ষীসকলে অভিনন্দন আৰু শুভেচ্ছা জনাইছে । উল্লেখ্য যে ৰিয়াঞ্চে ইয়াৰ পূৰ্বে সাত বছৰ বয়সত মাত্ৰ পাঁচ মিনিটত ৩×৩ ৰুবিক কিউবত ৪৬ খন দেশৰ পতাকা উপস্থাপন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ আৰু এছিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে ।

মহানগৰীৰ সংস্কৃতি দা গুৰুকুল স্কুলৰ ছাত্ৰ ৰিয়াঞ্চ । ইমান কম বয়সতে নিজৰ নাম বিশ্ব ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ৰিয়াঞ্চ হৈছে গুৱাহাটী নিবাসী সীমা ছোমানি আৰু বৰুণ ছোমানিৰ পুত্ৰ ।