অগ্ৰণী খবৰ
অগ্ৰণী খবৰ 
গুৱাহাটী

লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ বিস্ফোৰক মন্তব্য

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ “এচকাৰ্ট বেংকৰ দৰে অসমৰ জনসাধাৰণৰ ধনেৰে গঢ়ি উঠা ৰাজহুৱা প্ৰতিষ্ঠানক ধ্বংস কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰিয়ালৰ লোক প্ৰত্যক্ষভাৱে জড়িত আছিল ৷ কোটিটকীয়া এল.অ. চি কেলেংকাৰী সংঘটিত কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতিগৰাকীৰ ভূমিকাৰ কথা সবৰ্জনবিদিত ৷ দুনীৰ্তি, অনিয়ম, ৰাজহুৱা সম্পত্তি আত্মসাতৰ দৰে পৰম্পৰাৰ অধিকাৰী দেবব্ৰত শইকীয়াৰ দৰে ব্যক্তিয়ে কেৱল সমালোচনা কৰাৰ স্বাৰ্থতে বিজেপি দল আৰু দলৰ একাংশ নিৰ্বাচিত লোকৰ বিৰুদ্ধে মনে সজা কাহিনী সংবাদ মাধ্যমত প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো ৷

মনে সজা কাহিনীৰে অপ-প্ৰচাৰ চলোৱাৰ বিপৰীতে তথ্য-প্ৰমাণসহ আদালতৰ কাষ চাপিবলৈ আমি প্ৰত্যাহবান জনাও ৷ তেওঁ আমাৰ এই প্ৰত্যাহবান গ্ৰহণ কৰিব’– এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শমাৰ্ই লগতে সকীয়াই দি কয় যে- দেৱব্ৰত শইকীয়াৰ দৰে নেতাই অপ-প্ৰচাৰৰ পৰা আঁতৰি থকা উচিত, অন্যথা তেওঁৰ অৱশিষ্ট ভেটিও নোহোৱা হৈ পৰিব ৷ বৰ্তমান সময়ত কংগ্ৰেছৰ ওচৰত কোনো ৰাজনৈতিক ইচ্যু নাই ৷ সেয়ে অপ-প্ৰচাৰ, পৰচচাৰ্কে তেওঁলোকে ৰাজনৈতিক সমল হিচাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি বিজেপি মুখপাত্ৰজনে মন্তব্য কৰে ৷ চাহ বাগানত চলোৱা যাত্ৰা ‘চুপাৰ ফ্লপ’ হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব চৰম হতাশাত ভোগা বুলিও শমাৰ্ই কটাক্ষ কৰে ৷

আনহাতে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক বাংলাদেশী মূলৰ মুছলমানৰ ভোট আকৰ্ষণ কৰাৰ অভিযান বুলি বিজেপি মুখপাত্ৰজনে বৰ্ণনা কৰে ৷ শৰ্মাৰ মতে নিজকে গৌৰৱ গগৈতকৈ বেছি জনপ্ৰিয় হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবেই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে এই যাত্ৰা কৰিছে ৷ জাতীয় পৰিষদৰ এক অসম যাত্ৰাই অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰসকলৰ মাটি, ভেটি, ভাষা, সংস্কৃতি, আস্থাকেন্দ্ৰ আদিৰ প্ৰতি ভাবুকি সৃষ্টি কৰি বাংলাদেশীয় মূলৰ লোককহে একত্ৰিত কৰা দেখা গৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শমাৰ্ই কয় ৷