গুৱাহাটী

পল্টন বজাৰৰ মা কালী হোটেলত প্ৰশাসনৰ অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহানগৰীৰ পল্টনবজাৰৰ মা কালী হোটেলত প্ৰশাসনে অভিযান চলায়। কিছুদিন পূৰ্বে হোটেলখনৰ খাদ্যত পোৱা গৈছিল জেঠী। তাৰ পিছতে গ্ৰাহকজনৰ অভিযোগৰ ভিত্তিত হোটেলখলত অভিযান চলোৱা হয় অভিযান।

দণ্ডাধীশসহ প্ৰশাসনৰ এটা দলৰ লগতে পৌৰ নিগমৰ লোকে বৃহস্পতিবাৰে পল্টনবজাৰস্থিত মা কালী হোটেলত উপস্থিত হৈ হোটেল খন ছীল কৰি দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা সোমবাৰে নিশাৰ ভাগত পল্টন বজাৰস্থিত হোটেলখনত শিলচৰৰ এজন যুৱকে খাদ্য গ্ৰহণৰ সময়ত খাদ্যত জেঠী পোৱা ঘটনাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। তাৰ পিছতেই যুৱকজনে পল্টন বজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। যুৱক জনৰ সেই অভিযোগৰ ভিত্তিতেই বৃহস্পতিবাৰে মা কালী হোটেলক ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষয়।