সদৌ অসম ছাত্ৰ সন্থাই ৰহেন্দ্ৰনাথ ব্ৰহ্মক প্ৰদান কৰিলে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা...
সদৌ অসম ছাত্ৰ সন্থাই ৰহেন্দ্ৰনাথ ব্ৰহ্মক প্ৰদান কৰিলে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা... 
গুৱাহাটী

সদৌ অসম ছাত্ৰ সন্থাই ৰহেন্দ্ৰনাথ ব্ৰহ্মক প্ৰদান কৰিলে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২৩ সংখ্যক মৃত্যু বাৰ্ষিকী। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে পালন কৰি অহাৰ দৰে এইবাৰো শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত কৰিছে।

মহানগৰীৰ চানমাৰীস্থিত প্ৰতিমা বৰুৱাৰ পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আনহাতে লোকশিল্পীগৰাকীক মৃত্যু তিথিৰ লগত সংগতি ৰাখি ২০০৭ চনৰ পৰা প্ৰদান কৰি অহা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি এই অনুষ্ঠানতে প্ৰদান কৰা হয়। এইবাৰ এই বঁটা লাভ কৰিছে বিশিষ্ট লোকশিল্পী ৰহেন্দ্ৰনাথ ব্ৰহ্মই।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ২০০৭ চনৰ পৰাই আমি প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰি আহিছোঁ। আমাৰ লক্ষ্য এটাই, নীৰৱে যিসকলে লোক সংস্কৃতিৰ সাধনা কৰি আছে, প্ৰচাৰ কৰি আছে তেওঁলোকক ৰাজহুৱাভাৱে সন্মান প্ৰদান কৰিব লাগে। যাতে তেওঁলোকে আৰু উৎসাহেৰে আমাৰ লোকসংস্কৃতিৰ পথাৰসম সমৃদ্ধ কৰিব পাৰে আৰু তেওঁলোকক দেখি নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে, যুৱক-যুৱতীসকলে লোক সংস্কৃতিৰ পথাৰখনত কাম কৰিবলৈ আগ্ৰহী হৈ উঠে।

লগতে তেওঁ লোকসংস্কৃতিৰ যিসকল সাধক তেওঁলোকৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰিবলৈও দাবী উত্থাপন কৰিছে। কাৰণ লোকশিল্পীৰ সাধকসকলে খুব নীৰৱে কাম কৰি আছে। তেওঁলোকক সমৰ্থন দিবৰ বাবে এই পেকেজ ঘোষণা কৰাৰ পোষকতা কৰিছে ভট্টাচাৰ্যই।

ইফালে অনুষ্ঠানত বঁটা গ্ৰহণ কৰি নীৰৱে লোকসংস্কৃতিৰ সাধনা কৰি অহা ৰহেন্দ্ৰনাথ ব্ৰহ্মই তেওঁ কিদৰে লোকসংস্কৃতিৰ সাধানা কৰি আহিছে সেই বিষয়ে উল্লেখ কৰাৰ লগতে বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে। ভাষণৰ মাজতে তেওঁ গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতো পিৱেশন কৰে।