/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/aa37fc23-f79e-44f8-8e7c-aa09928b4410/Pijus.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শণিবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় এক বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়। বিভাগৰ প্ৰধান সচিব মুকেশ চাহু আৰু আন শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই বিভাগটোৰ বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয়।
বৈঠকতে মন্ত্ৰী হাজৰীকাই ভাৰত চৰকাৰে অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়াই অহা জলপানি সন্দৰ্ভত বিষদভাৱে আলোচনা কৰে। উল্লেখ্য যে, বিগত সময়তো মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াক প্ৰাপ্য শিক্ষাৰ্থী সকলোৱে যাতে জলপানি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/004c2c8d-c766-4b89-904d-9137254eca37/WhatsApp_Image_2023_04_29_at_5_30_30_PM.jpeg)
শণিবাৰৰ বৈঠকত এই বিষয়ে আলোচনা কৰি প্ৰতিখন বিদ্যালয়ত একোজনকৈ ন’ডেল শিক্ষকৰ জড়িয়তে অনুসূচিত জাতি আৰু আন পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীয়ে যাতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট প’ৰ্টেলত জলপানিৰ বাবে কোনো অসুবিধা নোহোৱাকৈ আবেদন কৰিব পাৰে তাৰ ব্যৱস্থা চুড়ান্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে।
আনহাতে বিভাগীয়ভাৱে চলি থকা আন কাম সমূহৰো খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে সুচাৰুৰূপে এই কামসমূহ সম্পাদন কৰিবলৈ বিভাগীয় বিষয়াক আহ্বান জনায়। ৰাজ্যখনত চলি থকা বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়সমূহত যাতে শিক্ষাৰ্থীৰ খোৱা-বোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেয়া সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f2e6d910-8dbe-4cef-b408-4d4e364e2a6f/WhatsApp_Image_2023_04_29_at_5_30_29_PM.jpeg)
বৈঠকত মন্ত্ৰী হাজৰীকাই চৰকাৰীভাৱে শেহতীয়াকৈ আৰম্ভ কৰা নিচামুক্তি কেন্দ্ৰসমূহ ভালদৰে চলোৱাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰী গৰাকীয়ে বিষয়াসকলক উদ্দেশ্যি কয় যে, আমাৰ বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে নিষ্ঠাৰে কাম কৰিলে সমাজৰ বিশেষ শ্ৰেণীৰ লোকসকলে পাব লগা সুবিধাসমূহ লাভ কৰাটো নিশ্চিত হ'ব।
Also Read: প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...