বিশ্ব পৰিৱেশ দিৱস
বিশ্ব পৰিৱেশ দিৱস 
গুৱাহাটী

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিত্ৰাঙ্কণ প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৫ জুন বিশ্ব পৰিৱেশ দিৱস । এই উপলক্ষে বিগত বৰ্ষৰ দৰে এইবাৰো অম্বিকাগিৰী নগৰ সেউজ সংঘৰ বাকৰিত সোমবাৰে আবেলি ৩.৩০ বজাৰ পৰা এখনি চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷

এই প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত হ'ব । "ক শাখা"ত চতুৰ্থ শ্ৰেণীলৈ আৰু "খ শাখা"ত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অনুষ্ঠিত হ'ব চিত্ৰাঙ্কণ প্ৰতিযোগীতাখনিৰ । চিত্ৰাঙ্কণৰ বিষয় প্ৰতিযোগীতাৰ পূৰ্বেই প্ৰতিযোগীসকলক জনোৱা হ'ব ।

প্ৰতিযোগিতা নিয়মাৱলী

প্ৰতিযোগীসকলক ১ ঘন্টা সময় দিয়া হ'ব চিত্ৰাঙ্কণ সম্পূৰ্ণ কৰিবলৈ । প্ৰতিগৰাকী প্ৰতিযোগীকে আৰ্ট পেপাৰ যোগান ধৰা হ'ব । প্ৰতিযোগীয়ে ৰং আৰু অন্যান্য় সঁজুলি নিজে আনিব লাগিব । আৰু বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে বিবেচিত হ'ব ।

বিজয়ী প্ৰতিযোগী সকলক নগদ ধনৰে পুৰস্কৃত কৰা হ'ব ৷ অধিক তথ্য়ৰ বাবে যোগাযোগৰ নম্বৰ হৈছে ৭০০২৮৩৫৬২৮/৭০০২৩১০৩৭০ ।