মানৱতাবাদী লেখক, সাংবাদিক নিত্য বৰালৈ 'ইছমাইল হোছেই (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান'...
মানৱতাবাদী লেখক, সাংবাদিক নিত্য বৰালৈ 'ইছমাইল হোছেই (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান'... 
গুৱাহাটী

মানৱতাবাদী লেখক, সাংবাদিক নিত্য বৰালৈ 'ইছমাইল হোছেই (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক, মানৱতাবাদী লেখক, সাংবাদিক তথা প্ৰখ্যাত চিন্তাবিদ নিত্য বৰালৈ আগবঢ়োৱা হৈছে 'ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান'। চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে তেওঁলৈ আগবঢ়াইছে এই সন্মান।

চৰ-চাপৰিবাসী অসমীয়া মুছলমানসমাজৰ প্ৰথিতযশা সাহিত্যিক, সমাজ সংস্কাৰক ইছমাইল হোছেইন (জ্যেষ্ঠ) আছিল চৰ-চাপৰিবাসী আৰু অসমীয়া সমাজৰ মাজৰ সমন্বয়ৰ সেতু-স্বৰূপ। এনে এগৰাকী সমাজ সংস্কাৰক তথা সাহিত্যিকৰ সোঁৱৰণত আগবঢ়োৱা এই সন্মান অহা ১১ ডিচেম্বৰ, সোমবাৰে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।

এই অনুষ্ঠানলৈ ভাষা, সাহিত্য প্ৰেমি ৰাইজক আমন্ত্ৰণী শৰাই আগবঢ়াইছে চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ সভাপতি ড০ হাফিজ আহমেদ আৰু প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে।