গুৱাহাটী

কটন বিশ্ববিদ্যালয় 'নবীন'ৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : 'কটন বিশ্ববিদ্যালয় নবীন লেখক-লেখিকা আৰু শিল্পী সমিতি' ৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। কটন বিশ্ববিদ্যালয় 'নবীন'ৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি দাসৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সাধাৰণ সভাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে 'কটন বিশ্ববিদ্যালয় নবীন লেখক-লেখিকা আৰু শিল্পী সমিতি'ৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

সভাই কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ ধ্ৰুৱজ্যোতি দাসক সভাপতি আৰু নীৰৱ হাজৰিকা আৰু মৃগাক্ষী লাৰাম ডেকা ৰজাক সম্পাদক হিচাপে মনোনীত কৰে। সভাই কাৰ্যনিৰ্বাহক সমিতিৰ উপ-সভাপতি হিচাপে অসমীয়া বিভাগৰ অধ্যাপিকাদ্বয় ড০ স্বপ্নালী দাস, ড০ কাকলি গগৈক মনোনীত কৰ।

আনহাতে অনিৰ্বাণ পৰাশৰক সহ-সম্পাদক, সংযুক্তা ফুকনক সাংস্কৃতিক সম্পাদক, শ্ৰুতাৰ্থা ভাগৱতীক সাহিত্য সম্পাদক, গীতম শৰ্মাক সুকুমাৰ কলা সম্পাদক আৰু দীক্ষিতা কোঁৱৰক প্ৰচাৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। সাধাৰণ সভাৰ এক প্ৰস্তাৱমৰ্মে কটন বিশ্ববিদ্যালয় 'নবীন'ৰ মুখপত্ৰ 'ন-সতীৰ্থ'ৰ পুনৰ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইফালে সভাৰ প্ৰাৰম্ভতে কটন বিশ্ববিদ্যালয় 'নবীন' ৰ থিম চং পৰিবেশন কৰে। এই সমবেত গীতত কণ্ঠদান কৰে সংযুক্তা ফুকন, বৰুণ বৰুৱা, অৰিন্দম ৰাজবংশী, খুচি বেগম, সম্প্ৰীতি কাশ্যপ আদি নবীন সতীৰ্থ‌ই । সভাৰ মাজতে নতুনকৈ 'নবীন' ত ভৰ্তি হোৱা সদস্যসকলৰ লগত এক অন্তৰংগ আলাপো অনুষ্ঠিত হয়।