''আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩" আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ
''আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩" আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ  
গুৱাহাটী

''আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩" আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পল্টনবজাৰৰ এ টি ডি চি কাৰ্যালয়ত "আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩" আঁচনিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। আজিৰ সভাখন সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, এই আঁচনিখনে হিতাধিকাৰীসকলক অৰ্থনৈতিক সুবিধা প্ৰদান কৰাই নহয়, ই ৰাজ্যৰ স্থানীয় আতিথ্য প্ৰদান কৰি দৰ্শনাৰ্থীৰ বাবে পৰ্যটন অভিজ্ঞতাও আৰু অধিক আকৰ্ষণীয় কৰিব ।

ইয়াৰোপৰি আজিৰ এই অনুষ্ঠানত নিৰ্বাচিত ৫ টা গোট ক্ৰমে ডিমা হাছাও এডভেঞ্চাৰ এছোচিয়েচন, উমছৱাই ভেলী সেউজ আৰু পৰিষ্কাৰ সুৰক্ষা সমিতি, সুপাতফা সমাজ কল্যাণ, দিহিং পাটকাই SHG, চিৰাম ছ’চিয়েল ফাউণ্ডেশ্যনৰ ​৫০ গৰাকী পৰ্যটনৰ লগত জড়িত হিতাধিকাৰীসকলক অভিনন্দন জনোৱাৰ লগতে এই পদক্ষেপক সফল কৰি তোলাৰ বাবে সকলো অংশীদাৰক কৃতজ্ঞতা প্ৰকাশ কৰি অসমৰ বহনক্ষম পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে স্থানীয় জনগোষ্ঠীসমূহক সবলীকৰণৰ বাবে অসম চৰকাৰ সদায় দায়বদ্ধ হৈ থাকিব বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, আমাৰ আলহী গ্ৰাম্য হোমষ্টে আঁচনিৰ লক্ষ্য হৈছে স্থানীয় জনগোষ্ঠীসমূহে নতুন হোমষ্টে ইউনিট স্থাপন কৰাত সহায় কৰা। এই আঁচনিৰ জৰিয়তে ১০ জন সদস্যৰে গঠিত এটা সম্প্ৰদায়ভিত্তিক পৰ্যটন সংস্থাই তেওঁলোকৰ হোমষ্টে উদ্যোগ আৰম্ভ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা বিশেষ সুবিধা লাভ কৰিব।

এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰকল্পৰ মুঠ ব্যয়ৰ ৯০ শতাংশ, সৰ্বাধিক ১ কোটি পৰ্যন্ত মূলধনী ৰাজসাহায্য লাভ কৰিব। এই ৰাজসাহায্যৰ উদ্দেশ্য হৈছে নতুন হোমষ্টে ইউনিট নিৰ্মাণৰ বাবে, য’ত ১০ টা হাউচ হল্ডত নূন্যতম ২টা কোঠা থাকিব, যাৰ ফলত স্থানীয় আন্তঃগাঁথনি আৰু পৰ্যটনৰ সুবিধাসমূহৰ যথেষ্ট উত্থান আশা কৰা হৈছে।

ইয়াৰ যোগেদি গোটসমূহে ৫ বছৰৰ বাবে মুঠ প্ৰচাৰ ব্যয়ৰ ৫০ শতাংশ, অৰ্থাৎ বছৰি সৰ্বাধিক ২.৫ লাখ পৰ্যন্ত সামৰি লোৱা প্ৰচাৰমূলক ৰাজসাহায্য লাভ কৰিব বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। এই ৰাজসাহায্যৰ লক্ষ্য হৈছে হোমষ্টে ইউনিটসমূহৰ দৃশ্যমানতা আৰু বিপণন কাৰ্যকলাপ বৃদ্ধি কৰা, অধিক পৰ্যটকক আকৰ্ষণ কৰাত সহায় কৰা আৰু স্থানীয় অৰ্থনীতি বৃদ্ধি কৰা।

আজিৰ এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়নৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।