গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সম্পর্কে সভা...
গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সম্পর্কে সভা... 
গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি- ২০২০ সম্পর্কে সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'বলগীয়া ২০২০-২৪ শিক্ষা বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতি চমুকৈ এন ই পি-২০২০ আধাৰিত পাঠ্যক্ৰম ৰূপায়ণ কৰিবলৈ সাজু হৈছে। ২২ মে', সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এন ই পি-২০২০ আধাৰত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সফল ৰূপায়ণ সম্পর্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ বিশ্ববিদ্যালয়ৰ অন্তর্গত অনুমোদিত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাত প্রায় ডেৰ শতাধিক অধ্যক্ষ তথা তিনি শতাধিক মহাবিদ্যালয়ৰ শিক্ষকে অংশ গ্রহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য, অধ্যাপক প্রতাপজ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণত অধ্যাপক সন্দিকৈয়ে ৰাষ্ট্রীয় শিক্ষানীতি চমুকৈ এন ইপি-২০২০ আধাৰিত পাঠ্যক্ৰমৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট সকলো অধ্যক্ষ তথা মহাবিদ্যালয়ৰ অধ্যাপকসকললৈ আহ্বান জনায়।

উল্লেখযোগ্য যে ২০২০-২৪ শিক্ষা বৰ্ষৰ পৰা বিশ্ববিদ্যালয় চৌহদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো অনুমোদিত মহাবিদ্যালয়ত চাৰি বছৰীয়া স্নাতক মহলাৰ কাৰ্যসূচী (জিইউ-এফ ৱাই ইউ জি পি) ৰূপায়ণৰ অর্থে সকলো প্রচেষ্টা হাতত লোৱা হৈছে। ইতিমধ্যে বিভিন্ন মহলত এই সম্বন্ধে বিস্তৃত আলোচনা হৈছে।

তাৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক শিক্ষা আয়োগৰ সভা তথা গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা উপাচার্য তথা স্বতন্ত্র মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সভাও অন্যতম। আজিৰ সভাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, শৈক্ষিক পঞ্জীয়ক, পৰীক্ষাসমূহৰ নিয়ন্ত্ৰণ, বিজ্ঞান গুৰু, কলা গুৰু, বাণিজ্য গুৰু, প্রযুক্তি গুৰু, এন ই পি-২০২০ নোডেল বিষয়া,অধ্যাপক মাধুৰ্য প্ৰসাদ বৰা আৰু পৰীক্ষা সক্রান্তীয় নিয়মাবলী প্রস্তুত কৰাৰ দায়িত্ব থকা অধ্যাপক পৰাগ ফুকন উপস্থিত থাকি ভাষণ আগবঢ়ায়।

জি ইউ এফ ৱাই ইউ জি পি-য়ে দুটা প্রকাৰৰ ডিগ্রী আগবঢ়াব। প্ৰথম শাখাভিত্তিত স্নাতক ডিগ্রী আৰু দ্বিতীয়তে ক্ষেত্রভিত্তিত স্নাতক ডিগ্রী। শাখা অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ে ৩৯ টা স্নাতক ডিগ্রী আগবঢ়াব আৰু বিশ্ববিদ্যালয়খনে বৃত্তিমূলক অধ্যয়নত স্নাতক ডিগ্রীসহ ২৮টা স্বতন্ত্ৰ ডিগ্রী আগবঢ়াব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰি বছৰীয়া স্নাতক মহলাৰ কার্যসূচী অনুমোদিত নিয়মাৱলীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এন ই পি-২০২০ ৰ শাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো অনুমোদিত মহাবিদ্যালয়ত একাধিক প্রবিষ্ট/ প্ৰস্থানৰ সুবিধাৰে মেজৰ নাইবা মেজৰ নোহোৱাকৈ এটা চার্টিফিকেট বা ডিপ্লনা বা ডিগ্রী বা ডিগ্রী (মেজৰ) বা বিভিন্ন স্তৰত গৱেষণাৰ সৈতে ডিগ্রী (মেজৰ) থাকিব।

এফ ৱাই ইউ জিপি পাঠ্যক্ৰমৰ গাঁথনি আৰু পাঠ্যক্রম বিৱৰণৰ সকলো তথ্য অনলাইন যোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট https://nep.gauhati.ac.in জৰিয়তে ইতিমধ্যে উপলব্ধ।