ইমেলইৰ জৰিয়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনক দাখিল কৰিব পাৰিব আৱেদন...
ইমেলইৰ জৰিয়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনক দাখিল কৰিব পাৰিব আৱেদন... 
গুৱাহাটী

ইমেলইৰ জৰিয়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনক দাখিল কৰিব পাৰিব আৱেদন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সকলো শাখা আৰু একীকৃত কাৰ্যালয়ৰ কাম-কাজ অহা ২ মে'ৰ পৰা ই-অফিচ পদ্ধতিৰে হ'ব ৷ সৰ্বসাধাৰণ ৰাইজ আৰু সকলো অংশীদাৰে তেওঁলোকৰ সেৱা সম্পৰ্কীয় আৱেদন, প্ৰাৰ্থনা আদি ডিজিটেল পদ্ধতিৰে অৰ্থাৎ নিৰ্দিষ্ট e-office-dckamrupm@assam.gov.in মেইলৰ জৰিয়তে কৰিব পাৰিব৷

কেৱল আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়সমূহ, বিভাগীয় কাৰ্যক্ৰমণিকা, গোপনীয় বিষয় আৰু নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ ফাইলসমূহ ই-ফাইল ব্যৱস্থাৰ আওতাৰ বাহিৰত থাকিব৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে৷

অৱশ্যে ৰাইজ আৰু সকলো অংশীদাৰে তেওঁলোকৰ সেৱা সম্পৰ্কীয় আৱেদন, প্ৰাৰ্থনা আদি পূৰ্বৰ দৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভূমি মহলাত থকা কেন্দ্ৰীয় ৰিচিপ্ট শাখাতো জমা দিব পাৰিব আৰু এনে আৱেদনসমূহ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে স্কেন কৰি ই-অফিচ পদ্ধতিলৈ তাক লৈ যাব৷

ৰাইজৰ পৰা ই-মেইলত লাভ কৰা আবেদনসমূহ ৰাষ্ট্ৰীয় সূচনা- বিজ্ঞান কেন্দ্ৰ (এন আই চি)ৰ কামৰূপ মহানগৰ জিলাৰ জিলা সূচনা-বিজ্ঞান বিষয়া (ডি আই অ') আৰু তেওঁৰ দলে প্ৰতি ঘন্টাৰ অন্তৰত ডাউনলোড কৰি সংশ্লিষ্ট শাখালৈ নিৰ্দিষ্ট ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰিব৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সকলো শাখা আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত ই-মেইলত অহা আবেদন ডাউনলোড কৰাৰ দায়িত্বত একোজন ন'ডেল কৰ্মচাৰী থাকিব৷

পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাই আৰম্ভ কৰা ই-অফিচ ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ জিলা উপায়ুক্তই সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছে৷