গুৱাহাটী

মহানগৰীত জ্যেষ্ঠ নাগৰিকৰ মুখপত্ৰ "জ্যেষ্ঠবাৰ্তা" উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী : অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখপত্ৰ "জ্যেষ্ঠবাৰ্তা"ৰ সপ্তম বৰ্ষৰ পঞ্চবিংশতিতম সংখ্যাটি সোমবাৰে গুৱাহাটীৰ বেলতলাস্থিত অমলপ্ৰভা ভৱনত উন্মোচন কৰা হয়। উন্মোচন কৰে ৰাষ্ট্ৰসংঘৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মাণ্ডলিক সচিব প্ৰধান ড০ অশ্বিনী শৰ্মাই।

মুখপত্ৰখনি উন্মোচন কৰি প্ৰদান কৰা ভাষণত ড০ শৰ্মাই কয় যে, "ৰাষ্ট্ৰসংঘৰ উল্লেখিত নীতিৰ আধাৰত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে বিভিন্ন জিলা আৰু শাখাৰ সহযোগত প্ৰকাশ কৰা 'জ্যেষ্ঠবাৰ্তা'ত অসমত সমগ্ৰ ৰাজ্যজুৰি প্ৰদৰ্শন কৰা কাৰ্যসূচী প্ৰশংসনীয়।" তেওঁ লগতে জানিবলৈ দিয়ে যে, ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বৰ শিক্ষা, খেলা-ধূলা পুথিভঁৰাল, স্বাস্থ্য, সাংস্কতিক কাৰ্যসূচী আদি অৱগত হ'বৰ বাবে গুৱাহাটী মহানগৰীৰ খানাপাৰাত এটি কাৰ্যালয় স্থাপন কৰিছে। তদুপৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকাৰ দৰে আন্তঃৰাষ্ট্ৰীয় যুৱ-ছাত্ৰাৱাস গুৱাহাটীতো স্থাপনৰ যো-জা চলিছে। এনে কাৰ্যৰ ফলত ৰাষ্ট্ৰসংঘৰ পৰিচয় পত্ৰ পোৱা সদস্য সকল লাভান্বিত হ'ব।

বেলতলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ড০ মাধব চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰৰ ত্যাগৰ শলাগ লয়। বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ সহ-সাধাৰণ সম্পাদক প্ৰণৱ বৰঠাকুৰে আঁতধৰা অনুষ্ঠানত ৰাজ্যিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউণ্ড, প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ, সহ-সম্পাদক হৰকান্ত গোস্বামী আৰু ড০ ৰবীন শৰ্মাই বক্তব্য প্ৰদান কৰে।

উন্মোচনৰ পূৰ্বে সূতপা ভট্টাচাৰ্যৰ নেতৃত্বত সপ্তসুৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা সংগীতে সকলোকে মুগ্ধ কৰে। "জ্যেষ্ঠবাৰ্তা"ৰ সম্পাদক ড০ জগন্নাথ পাটগিৰী‌য়ে এই সংখ্যা জ্যেষ্ঠবাৰ্তা প্ৰকাশৰ প্ৰসংগত ব্যাখ্যা কৰে। অনুষ্ঠানত তিলোত্তমা মহন্ত গোস্বামী আৰু গীতাঞ্জলি শৰ্মা বৰদলৈয়ে আবৃত্তি কৰে এটি কবিতা। অনুষ্ঠানতে বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ ২২ জনীয়া দল এটিয়ে অহা ১৬ জুলাইত থাইলেণ্ড ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৌহদৰ চাৰিওফালে নিম গছৰ পুলি ৰোপণ কৰা হয়। অনুষ্ঠানতে বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ উদ্যোগত সম্পাদিকা জেৰিন বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত কেৰম প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী জীতেন চৌধুৰীক ট্ৰফি প্ৰদান কৰে উপ-সভাপতি পবন ফুকনে।