গুৱাহাটী

সামাজিক মাধ্যমত ট্ৰ'লৰ সন্মুখীন যতীন বৰাৰ 'ৰাঘৱ' : আৰক্ষীৰ কাষ চাপিল প্ৰযোজকগৰাকী

Asomiya Pratidin

ডিজিটেল ডেস্ক : জে বি প্ৰডাকচনৰ বেনাৰ নিৰ্মিত শেহতীয়া ছবি 'ৰাঘৱ'ক লৈ ট্ৰ'ল কৰা সকলৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে পৰিচালক তথা প্ৰযোজক যতীন বৰা। কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল অভিনেতা-পৰিচালক যতীন বৰাৰ শেহতীয়া ছবি ৰাঘৱ।

মুক্তিৰ পিছৰে পৰা ছবিখনকলৈ একাংশ লোকে সামজিক মাধ্যমত নেতিবাচক মন্তব্য কৰা দেখা গৈছে। তাকে দেখি অৱশেষত অসম আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় ছবিখনৰ প্ৰযোজক,পৰিচালক তথা মুখ্য অভিনেতা যতীন বৰা।

বৃহস্পতিবাৰে অভিনেতা বৰাই ‘ৰাঘৱ’ক লৈ সামাজিক মাধ্যমত অপপ্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ চাইবাৰ শাখাত এক গোচৰ ৰুজু কৰে। জানিব পৰামতে ইতিমধ্যে অসম আৰক্ষীৰ চাইবাৰ শাখাই নেতিবাচক মন্তব্য কৰা একাংশক তলব কৰাৰ বাবে তালিকা প্ৰস্তুত কৰিছে।

উল্লেখযোগ্য যে, অসমকে ধৰি ভাৰতৰ ভালেকেইখন মহানগৰত মুক্তি লাভ কৰা যতীন বৰাৰ ছবিখনে ছবিগৃহত দৰ্শকৰ পৰা সহাৰি লাভ কৰা দেখা পোৱা গৈছে। কিন্তু তাৰমাজতে আন একাংশই সামাজিক মাধ্যমত নেতিবাচক মন্তব্য কৰা কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে যতীন বৰা।