গুৱাহাটী

গুৱাহাটী আইটিআইত অত্যাধুনিক 'উৎকৰ্ষ কেন্দ্ৰ' উদ্বোধন

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, LearnHill ফাউণ্ডেচন আৰু আইটিআই অসমৰ প্ৰচেষ্টাত নিৰ্মিত এক অত্যাধুনিক 'উৎকৰ্ষ কেন্দ্ৰ' (Excellence Centre) উদ্বোধন কৰে।

অনুষ্ঠানত উপস্থিত জনগনক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় যে এই কেন্দ্ৰসমূহে শিক্ষক- শিক্ষয়িত্ৰী, যুৱপ্ৰজন্ম আৰু বিশেষকৈ মহিলা সকলক ৰবটিক্স, থ্ৰীডি ডিজাইন (3D Design) আৰু কৃত্ৰিম বুদ্ধিমতা (AI)-ৰ দৰে একবিংশ শতিকাৰ অত্যাধুনিক দক্ষতাৰে প্ৰশিক্ষিত কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত এক শক্তিশালী কৰ্মশক্তি সৃষ্টিৰ সংকল্প পূৰণৰ দিশত যোগাত্মক ভূমিকা পালন কৰিব।

দক্ষতা বিকাশৰ বাবে ৰাজ্যৰ সকলো প্ৰান্ততেই উৎকৰ্ষ কেন্দ্ৰ গঠন কৰাৰ প্ৰসংগত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত টাটা টেকনল'জীৰ সহযোগত ইতিমধ্যে ইণ্ডাষ্ট্ৰি ৪. ০ ৰ অধীনত আমাৰ ৰাজ্যৰ ৬ খন ITI আৰু পলিটেকনিক ইনষ্টিটিউটত এই উৎকৰ্ষ কেন্দ্ৰ গঠন কৰা হৈছে আৰু অহা বছৰলৈ প্ৰায় আটাইকেইখন ITI আৰু পলিটেকনিক ইনষ্টিটিউটততেই এই কেন্দ্ৰ গঠন কৰা হ' ব। তাৰোপৰি, চাহবাগান অঞ্চলৰ লগতে আন আন পিছপৰা অঞ্চলৰ যুবক যুবতী ৰদক্ষতা আৰু কাৰিকৰী বিকাশৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে, সোমবাৰে উদ্ধোধন কৰা এই কেন্দ্ৰই ছমাহৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে যুৱ চাম আৰু বৰ্তমানৰ শিক্ষাবিদ উভয়কে বিদ্যালয় পৰ্যায়ত ইলেক্ট্ৰনিক্স, ক’ডিং, ৰবটিক্স, কৃত্ৰিম বুদ্ধিমত্তা, আৰু থ্ৰীডি ডিজাইন আৰু প্ৰিন্টিং শিকোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সবলীকৰণ কৰিব। এই প্ৰশিক্ষণ কাৰ্যসূচী শিক্ষানুষ্ঠানত শিক্ষক বা এডটেক কোম্পানীত প্ৰশিক্ষক হিচাপে কেৰিয়াৰৰ বাবে প্ৰাৰ্থীক প্ৰস্তুত কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত তেওঁলোকে এই জটিল বিষয়সমূহৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক ফলপ্ৰসূভাৱে নিৰ্দেশনা দিব পাৰে।

ইয়াৰ উপৰিও প্ৰাৰ্থীয়ে কোম্পানী আৰু ষ্টাৰ্ট-আপত ক'ডাৰ, ডাটা এনালাইষ্ট হিচাপে চাকৰিৰ সুযোগ নিশ্চিত কৰিবলৈও বাছি ল'ব পাৰে, আনকি নিজাকৈ প্ৰশিক্ষণ কেন্দ্ৰও স্থাপন কৰিব পাৰে। পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰাৰ্থীসকলক প্লেচমেণ্ট প্ৰদান কৰিবলৈ লাৰ্নহিল ফাউণ্ডেচনে চাকৰি মেলা আয়োজন কৰিব বুলি জানিবলৈ দিয়ে ।

আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ প্ৰধান সচিব (SEED) বি. কল্যাণ চক্রবর্তী, DECT ৰ সঞ্চালক কস্তুৰী ভৰালী, দক্ষতা বিভাগ আৰু LearnHill ফাউণ্ডেচনৰ বিষয়ববীয়া উপস্থিত থাকে।