গুৱাহাটী

হিট এণ্ড ৰান : অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল বাদ্যশিল্পীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহানগৰীত পুনৰ সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা। বন্ধুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈ আহি দুৰ্ঘটনাতপতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল'লে বাদ্যশিল্পীয়ে। নিহত শিল্পীগৰাকীৰ নাম কমল বৰুৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত ৭বছৰ ধৰি ২৫ ফেব্ৰুৱাৰীত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ আহিছে 'আৱেগ' শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহিছিল কমল বৰুৱা নামৰ শিল্পীগৰাকী। SMACK BAND নামৰ সংগীত পৰিৱেশন কৰা দলটোৰ এগৰাকী ড্ৰাম বাদক হিচাপে আছিল কমল বৰুৱা।

জানিব পৰামতে শনিবাৰে নিশা কমলে মটৰচাইকেলৰে ভৰলু অভিমুখে আহি থকা অৱস্থাত ভৰলু পইন্টত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। এখন অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হৈছিল সম্ভাৱনাময় যুৱক কমল বৰুৱা। দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখন পলায়ন কৰা বুলি এক সূত্ৰ প্ৰকাশ।

ইতিমধ্য,ভৰলু আৰক্ষীয়ে উদ্ধাৰ কৰিছে কমলৰ মৃতদেহ আৰু জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাইকখন। ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ পলাতক চালকজন ডাম্পাৰৰ হয় নে নহয় সেই বিষয়েও যান-বাহন আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

দুৰ্ঘটনাত নিহত কমলক সম্প্ৰতি GMCHৰ মৰ্গত ৰখা হৈছে। ইতিমধ্যে তেওঁৰ পৰিয়াল আৰু কটনৰ ছাত্ৰ-ছাত্ৰীসকল জি এম চি এইচত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে।

পৰিয়ালৰলোকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে কমলৰ মৃতদেহ লৈ যোৱা হ'ব লক্ষীমপুৰৰ বাসগৃহলৈ। আনহাতে বাদ্যশিল্পীগৰাকীৰ আকস্মিক বিয়োগৰ পিছতে কটনৰ অনুষ্ঠান বাতিল কৰিছে উদ্যোক্তাই।