গুৱাহাটী

GMCHত অসমৰ প্ৰথমটো স্কিল লেবৰেট'ৰী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ স্বাস্থ্যখণ্ডত অভিনৱ সংযোজন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ সংযোজন ঘটিল High fidelity simulation skill labৰ। USAID RISE প্ৰকল্পৰ আৰ্থিক সহযোগিতাৰে নিৰ্মাণ কৰা এই High fidelity simulation skill labটিত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী, অধ্যাপক চিকিৎসক, নাৰ্ছ আৰু অন্যান্য সেৱাত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে শিক্ষণ আৰু প্ৰশিক্ষণ গ্ৰহণেৰে অভিজ্ঞতা আহৰণ কৰিব পাৰিব ৷

চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্যৰ পৌৰহিত্যত বৃহস্পতিবাৰে জি এম চি এইচ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি High fidelity simulation skill labটি উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে USAID Indiaৰ উপ-সঞ্চালক ডা০ ৰুবেন স্বামীক্কান, জাপাইগ'ৰ দেশীয় সঞ্চালক ড০ শৌমেশ কুমাৰ, গডৰেজৰ প্ৰৱন্ধক সন্দেশ বাড়োৱাঙ্কৰ আৰু নুমলীগড় শোধানাগাৰৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰ। উদ্বোধনী ভাষণত মন্ত্ৰী মহন্তই কয় যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাগত দিনত আৰু গঠনমূলক কাম-কাজ কৰি যাব।

সমান্তৰালকৈ ৰাজ্যৰ স্বাস্থ্যখণ্ডতো বিভিন্ন কাম-কাজ কৰিব যাব। তাৰবাবে লাগিব চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ সহযোগিতা। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা অধ্যাপক আৰু চিকিৎসা শাস্ত্ৰৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে চিকিৎসা শাস্ত্ৰৰ শৈক্ষিক দিশত অতি গুৰুত্ব দিছে।

উল্লেখ্য যে কোভিড মহামাৰীৰ সময়ছোৱাত গডৰেজ কোম্পানীয়ে চেনিটাইজাৰ উৎপাদন কৰি সকলো শ্ৰেণীৰ ৰাইজক উক্ত সময়ছোৱাত বিশেষভাৱে সহায় কৰিছিল। এই কথা উল্লেখ কৰি অধীক্ষক ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্যই সংস্থাটিক কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে নুমলীগড় শোধানাগাৰৰ পৃষ্ঠপোষকতাত লাভ কৰা কেতবোৰ সহায়ৰ বাবেও অনুষ্ঠানত শলাগ লয়। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথিসকলৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰী,নাৰ্চ তথা আন আন কৰ্মচাৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি মাৰে।