গুৱাহাটী

কৃত্ৰিম বানে আগুৰি ধৰিছে গুৱাহাটীকঃ ফেৰীঘাটতো আৱদ্ধ শ-শ যাত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কৃত্ৰিম বানত ডুব গৈছে মহানগৰী গুৱাহাটী। মাত্ৰ ২ ঘণ্টাজোৰা দোপালপিটা বৰষুণৰ ফলত মহানগৰীৰ কেউফালে এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কি জিএছ-ৰোড, কি জু-ৰোড অথবা বেলতলা, লাচিত নগৰ, চান্দমাৰি, শিলপুখুৰী, কামাখ্যা আদি সকলো ঠাইতে দেখা দিয়া কৃত্ৰিম বানত আৱদ্ধ হৈ পৰিছে বহুলোক। এক প্ৰকাৰে যেন ব্যাহত হৈছে জনজীৱন।

কৃত্ৰিম বানপানীৰ সমানে সমানে ঠায়ে ঠায়ে বতাহ-ধুমুহাৰ ফলত গছ-গছনি ভাঙি পৰাত ব্যাহত হৈছে বিদ্যুতৰ যোগাযোগ। খবৰ অনুসৰি মহানগৰীৰ বহু ঠাইত বতাহ-ধুমুহাৰ ফলত গছ-গছনি ভাঙি পৰাত আৱদ্ধ হৈ পৰিছে যান-বাহনো। মালিগাঁও-কামাখ্যাৰ সমীপৰেও এজোপা গছ ভাঙি চলন্ত বাহনৰ ওপৰত পৰাত সম্পূৰ্ণৰূপে ধ্বংস হৈছে বাহনখন। তদুপৰি বাহনখনৰ চালকো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীঘাটত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। প্ৰতিকূল বতৰৰ বাবে আটাইকেইটা ফেৰীঘাটতে আৱদ্ধ হৈছে শ-শ যাত্ৰী। ফেৰীঘাটকেইটাৰ কেইবাটাও ৰেম্প বিধ্বংস হোৱাত এক অভাৱনীয় পৰিস্থিৰ সৃষ্টি হয়। উল্লেখ্য যে, ৰেম্পকেইটাৰ ক্ষিপ্ৰ মেৰামতিৰ বাবে ইতিমধ্যেই নামি পৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগ।

বাট-পথসমূহত একাঁঠু পৰ্যন্ত পানী হোৱাত এক প্ৰকাৰে জলপ্ৰলয়ৰ সূচনা হৈছে মহানগৰী গুৱাহাটীত। আকৌ আমিনগাঁৱতো বতাহ-ধুমুহাৰ ফলত গছ বাগৰি ৪টাকৈ বাসগৃহ ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।