কুঁৱলি নহয়, প্ৰদূষিতে বায়ুৱে আৱৰি ধৰিছে গুৱাহাটীঃ উশাহ ল'বলৈও ভয়...
কুঁৱলি নহয়, প্ৰদূষিতে বায়ুৱে আৱৰি ধৰিছে গুৱাহাটীঃ উশাহ ল'বলৈও ভয়... 
গুৱাহাটী

কুঁৱলি নহয়, প্ৰদূষিতে বায়ুৱে আৱৰি ধৰিছে গুৱাহাটীঃ উশাহ ল'বলৈও ভয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভয়াবহ বায়ু প্ৰদূষণে বিপৰ্যস্ত কৰিছে জনজীৱন। কেইদিনমানৰ আগলৈকে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ খবৰে ৰাজ্যৰ কাকতৰ পৃষ্ঠা ভৰাৰ লগতে টেলিভিশ্যন চেনেলৰ শীৰ্ষ বাতৰিৰ স্থান পাইছিল।

হয়তো কোনেও ভবাই নাছিল অতি শীঘ্ৰেই গুৱাহাটীৰো দিল্লীৰ দৰে একেই অৱস্থা হ'ব। কিন্তু সেয়াই হ'ল। ভয়ানক ভাৱে প্ৰদৃষিত হৈছে গুৱাহাটীৰ বায়ু।

প্ৰদূষিত বায়ুৰ বাবেই গুৱাহাটীৰ আকাশ কুঁৱলি সদৃশ আৱৰণে ঢাকি ৰাখিছে। ৮ ফেব্ৰুৱাৰী, বুধবাৰে পুৱা ৯ বজাৰ পিছতো গুৱাহাটীৰ আকাশ মুকলি হোৱা নাই। কুঁৱলি সদৃশ এক আৱৰণে ঢাকি ৰাখিছে সমগ্ৰ মহানগৰ।

পূৰ্বৰে পৰা গুৱাহাটী মহানগৰৰ বায়ু প্ৰদূষণৰ দিশটোৰ কথা কৈ অহা হৈছিল যদিও মহানগৰখনক ভয়াৱহ প্ৰদূষণৰ পৰা মুক্ত কৰাৰ কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজিৰ এই অৱস্থাই দেখা দিছে বুলি মন্তব্য কৰিছে একাংশ লোকে। এনেদৰে মহানগৰখনৰ বায়ু প্ৰদূষিত হোৱাৰ ফলত এতিয়া জ্যেষ্ঠ লোকৰ লগতে শিশু আৰু ৰোগীয়া লোকৰ গুৱহাটীৰ বাহিৰলৈ অহাটোৱেই বিপদজনক হৈ পৰিছে।

প্ৰায় প্ৰতিদিনেই বহু লোকে জ্বৰ, কাহ, চৰ্দিকে ধৰি বিভিন্ন ৰোগৰ স্বীকাৰ হৈছে। শ্বাস, প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈছে বহুজন। হৃদৰোগ, কৰ্কট ৰোগৰ ৰোগীৰ বাবে এনে পৰিস্থিতিত বাহিৰলৈ অহাটো বিপদজনক হৈ পৰিছে।

যাৰ পৰিণতিত মহানগৰৰ বিভিন্ন হাস্পতালত প্ৰদূষণ জনিত কাৰণত অসুস্থ হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আজি পুৱা গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্সে বিপদসীমা অতিক্ৰম কৰিছে।

আজি পুৱা মহানগৰীৰ এয়াৰ কুৱালিটি ইনডেক্স ৩৫০ ৰো উৰ্ধলৈ গতি কৰিছে। মহানগৰীৰ বায়ু প্ৰদূষণৰ কাৰণ হিচাপে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নিৰ্মাণকাৰ্য, ব্ৰহ্মপুত্ৰৰ বালিচৰ আদিক চিহ্নীত কৰা হৈছে।

দিনে, নিশাই কেইবাখনো উৰণীয়া সেতু, অসংখ্য প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা, ৰাজপথ আদিৰ নিৰ্মাণৰ বাবে বায়ু প্ৰদূষণ যথেষ্ট হাৰত বৃদ্ধি পাইছে। সমান্তৰালকৈ মহানগৰত পূৰ্বতকৈ বৃদ্ধি পাইছে যান-বাহনৰ চলাচল।

এনে পৰিস্থিতিত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।