গুৱাহাটী

বিশিষ্ট কবি আনিছ উজ জামানলৈ ২০২২ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : বছৰৰ বিয়লিত অসমৰ সাহিত্য আৰু সমাজ জীৱনৰ বাবে এটি ভাল খবৰ ৷ বিশিষ্ট কবি- অনুবাদক আনিছ উজ জামানলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা ৷

প্ৰখ্যাত উৰিয়া কবি গংগাধৰ মেহেৰৰ সোঁৱৰণত চম্বলপুৰ বিশ্ববিদ্যালয়ে ১৯৮৯ চনৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত যিকোনো ভাষাৰ একোজনকৈ বিশিষ্ট কবিক প্ৰতি বছৰে এই সন্মান প্ৰদান কৰি আহিছে ৷ পূৰ্বতে মাত্ৰ দুগৰাকী অসমীয়া কবিয়ে এই বঁটা লাভ কৰিছিল ৷

১৯৯২ চনত কবি নৱকান্ত বৰুৱা আৰু ২০০৬ চনত কবি নীলমণি ফুকনক এই বঁটাৰে সন্মানিত কৰা হৈছিল ৷ বিশিষ্ট কবি আনিছ উজ জামানক প্ৰদান কৰিব লগা এই বঁটাত আছে মানপত্ৰ, অংগবস্ত্ৰ, আৰু নগদ এক লাখ টকা ৷

পূৰ্বতে এই বঁটা দেশৰ প্ৰখ্যাত কবি সীতাকান্ত মহাপাত্ৰ, ৰমাকান্ত ৰথ, জয়ন্ত মহাপাত্ৰ, কে জি শংকৰাপিল্লাই আদিক প্ৰদান কৰা হৈছিল ৷ চম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ’ব ৷