JICA Pipe Line Burst: ২ জনৰ মৃত্যু, ৪০ টাৰো অধিক ঘৰ ধ্বংস, ৬০০ লোক ক্ষতিগ্ৰস্ত...
JICA Pipe Line Burst: ২ জনৰ মৃত্যু, ৪০ টাৰো অধিক ঘৰ ধ্বংস, ৬০০ লোক ক্ষতিগ্ৰস্ত... 
গুৱাহাটী

JICA Pipe Line Burst: ২ জনৰ মৃত্যু, ৪০ টাৰো অধিক ঘৰ ধ্বংস, ৬০০ লোক ক্ষতিগ্ৰস্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ খাৰঘূলিৰ জয়পুৰৰ আকাশত হঠাৎ পানীৰ স্ফুলিংগ। গেমন জাইকা (Gammon JICA) পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণ হৈ সৃষ্টি হৈছে অৱৰ্ণনীয় পৰিৱেশ।

বিস্ফোৰিত পানীৰ প্ৰচণ্ড ঢৌৱে মুহূৰ্ততে ভাঙি-চিঙি নিলে ৪০ টাকৈ বাসগৃহ। প্ৰাৰম্ভিক খবৰ অনুসৰি এই পৰ্যন্ত এই ঘটনাত মহিলাসহ ২ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম সুমিত্ৰা ৰাভা।

আনহাতে আহত হৈছে ৩০ জনকৈ লোক। আহতসকলৰ ভিতৰত আছে ৰাজীৱ দাস, দীপা দাস, মৃদুলা হালৈ, দৈৱকী হালৈ, নিৰ্মল দাস (৮ বছৰীয়া শিশু) আদি। ইফালে এই বিস্ফোৰণে চিটিকাই দূৰণিত পেলালেগৈ ৰাজপথৰ বাহন।

জানিব পৰা মতে কেইবাখনো বাহন এই ঘটনাত ক্ষতিগ্ৰস্ত হৈছে। ইফালে এই বিস্ফোৰণৰ পাছতে অঞ্চলটোত বোকা আৰু পানীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিছে।

গেমন জাইকাৰ মেইন লাইনৰ এই পাইপ বিস্ফোৰণৰ ফলত মাটিৰ পৰা কেইবাশ মিটাৰ ওপৰলৈ উঠিগ’ল পানী। স্থানীয় লোকেই প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

বিয়লি ৩ বজাত সংঘটিত হোৱা এই বিস্ফোৰণ(JICA Pipe Line Burst) ত এটা বৃহৎ অঞ্চল প্ৰায় ধ্বংস্তূপত পৰিণত হ'ল। এই ঘটনাত ৬০০ জনতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

ঘটনাত নিহত সুমিত্ৰা ৰাভাৰ সম্পূৰ্ণ ঘৰ পানীৰ প্ৰচণ্ড কোবত ধ্বংস হৈছে। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বিস্ফোৰণৰ পাছতে ব্যাহত হৈ পৰা পানী যোগান অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি জি এম ডি (GMDA) এয়ে জানিবলৈ দিছে।

কিন্তু স্থানীয় লোকে এই ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি গেমন জাইকা আৰু জি এম ডি এৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দিছে। ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী কৰিছে।

উল্লেখ্য যে, সুদীৰ্ঘ দিন ধৰি গেমন জাইকাই গুৱাহাটীৰ পানী যোগানৰ কাম কৰি আছে যদিও এতিয়াও সমগ্ৰ গুৱাহাটীয়ে পানী লাভ কৰা নাই। প্ৰতিষ্ঠানটোৰ কাম-কাজ ইমানেই নিম্ন মানদণ্ডৰ যে প্ৰতিদিনেই গুৱাহাটীৰ পথ খান্দি পাইপ লাইন মেৰামতি কৰি আছে যদিও ব্যাঘাত অবিহনে পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই।