প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৱাহাটীত এফ আই আৰ দাখিল...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৱাহাটীত এফ আই আৰ দাখিল... 
গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৱাহাটীত এফ আই আৰ দাখিল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৬ এপ্ৰিলত গুৱাহাটীৰ ৰাজপথৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত সৃষ্টি হোৱা বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ এগৰাকী ব্যক্তিয়ে ভঙাগড় আৰক্ষী থানাত এক এফ আই আৰ দাখিল কৰিছে। এফ আই আৰ খনত তেওঁ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত ৰাজপথৰ কাষত নিৰ্মাণ কৰা বেৰিকেড ট্ৰেফিক নিষেধাজ্ঞাৰ ফলত সাধাৰণ মানুহে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়।

বেৰিকেড আৰু ট্ৰেফিক নিষেধাজ্ঞাৰ ফলত গুৱাহাটী চহৰখনে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে তেওঁ কৈছে, যদিও হাইপ্ৰফাইল নেতাজনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰো তথাপিও যিধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল সেই পৰিস্থিতিয়ে গুৱাহাটীৰ বাসিন্দাসকলক যথেষ্ট কষ্ট দিলে।

তেওঁ লগতে লিখিছে বেৰিকেড আৰু পথ বন্ধ কৰি দিয়াৰ ফলত তেওঁৰ দৰে অগণন লোক যানঁজটত আবদ্ধ হৈ পৰিছিল। ফলত ঘণ্টা ঘণ্টা ধৰি সময় অপচয় হৈছিল। যানবাহন সমূহ আৱদ্ধ হৈ পৰাৰ ফলতে অসুস্থ ৰোগীক কঢ়িয়াই নিয়া এম্বুলেঞ্চ আবদ্ধ হৈ পৰিছিল। ফলত ৰোগীয়ে উচিত সময়ত চিকিৎসাৰ পৰা বঞ্চিত হ'ল। তেওঁলোকৰ জীৱনলৈ বিপদ নামি আহিছিল।

এইদৰেই লিখি তেওঁ মোডীৰ ভ্ৰমণৰ সময়ছোৱাত মানুহৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰাৰো অভিযোগ উত্থাপন কৰিছে।