গুৱাহাটী

কৃষক নেতা কমলা কান্ত দাসক সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলৰ নোৱাপাৰাৰ বাসিন্দা ৮৫ ঊৰ্ধৰ এগৰাকী সৎ,আদৰ্শবান কৃষক তথা একালৰ দক্ষ কৃষক নেতা কমলা কান্ত দাসক নিজ বাসগৃহত শুকুৰবাৰে দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সচেতন মঞ্চৰ‌ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসে আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ লৈ মঞ্চৰ‌ উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মাই কয়- "যিয়ে মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰে,তেওঁলোকক বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰশাসন, চৰকাৰে চিনাক্ত কৰি যথোপযুক্ত সন্মান দিব লাগে।

আজিকোপতি ৮৫ ঊৰ্ধৰ কমলা কান্ত দাসে বৃদ্ধ পেঞ্চন, ৰাজ্য চৰকাৰৰ কৃষক সন্মান নোপোৱাটো দুৰ্ভাগ্যজনক ।" চৰকাৰে কমলা কান্ত দাসক যথাযোগ্য সন্মান কৰিব বুলি আশা প্ৰকাশ কৰে।

মঞ্চৰ‌ অধ্যক্ষ মদন দাসে কৃষক দাসৰ কৃষক জীৱনৰ বিষয়ে আলোচনা কৰি তেওঁৰ কৃষি কৰা পদ্ধতিৰ বিজ্ঞানসন্মত ধাৰণাৰ আলোকপাত কৰে । উল্লেখ্য যে দাসে নন্দেশ্বৰ তালুকদাৰ, উমাকান্ত শৰ্মা, হৰেশ্বৰ দাস, সূৰ্যকান্ত কলিতা, মাখন শালৈ, দেবেন চৌধুৰী, হৰেণ বড়া, ডা০ গিৰিশ বৰুৱা, শিৱচৰণ কলিতা আদিৰ স'তে একেলগে কৃষক সভাৰ কাম-কাজ কৰিছিল ।

কৃষকৰ সমস্যাৰ বাবে ১৯৬৭ চনৰ পৰা ১৯৯২ চনলৈ কৃষক সভাৰ জড়িয়তে অহৰহ অনেক কাম কৰি সমগ্ৰ কামৰূপ জিলাৰ লগতে ৰাজ্যৰ ভিন-ভিন প্ৰান্তলৈ কৃষকৰ মাজত সচেতনতা আনিবলৈ সভা-সমিতিলৈ গৈছিল । অনুষ্ঠানত কৃষক কমলা কান্ত দাসে আবেগেৰে কয়- "আজিও মই খেতিপথাৰত নাঙলৰ মুঠিত ধৰি আছোঁ । পথাৰত মৈয়াই থাকো ।"

ইফালে দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনায়।