গুৱাহাটী

প্ৰাক্তন এন ডি এফ বি কেডাৰৰ 'আপ'ত যোগদান

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : শোণিতপুৰ জিলাৰ ভালুকপুঙত বৃহস্পতিবাৰে এন ডি এফ বিৰ যুদ্ধবিৰত গোটৰ ৫ জনকৈ কেডাৰে আম আদমী পাৰ্টিত যোগদান কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে সন্ত্ৰাসবাদৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা ৰামু মহিলাৰী, প্ৰদীপ বসুমতাৰী, মাতুল নাৰ্জাৰী, দৈথুম বসুমতাৰী আৰু চিৰাং বসুমতাৰী নামৰ যুৱক কেইজনে।

আটাইকেইজন যুৱক শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নদুৱাৰ অঞ্চলৰ বাসিন্দা। বড়ো অধ্যুষিত অঞ্চলসমূহত স্বাস্থ্য, শিক্ষা, যাতায়ত আদি বিভিন্ন দিশত উন্নয়নৰ হকে আপে কাম কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।

আগন্তুক দিনত বড়ো জনগোষ্ঠীৰ অধিক যুৱকে আপৰ আদৰ্শ গ্ৰহণ কৰি দলটোত যোগদান কৰিব বুলিও তেওঁলোকে আশা ব্যক্ত কৰে।